চাকৰি

ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণত আইন গৱেষক সহযোগীৰ প্ৰয়োজন

পদৰ সবিশেষ, অৰ্হতা, দৰমহা আদিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

Sentinel Digital Desk

ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ (NCLT)-এ নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

মুঠ খালী পদৰ সংখ্যাঃ ২৭টা। গুৱাহাটীত এটা। 

পাৰিতোষিকঃ মাহিলী ৪০ হেজাৰ টকা। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃিতপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫০ শতাংশ নম্বৰসহ এল এল বি ডিগ্ৰী। প্ৰাৰ্থীৰ বাৰ কাউন্সিলত পঞ্জীয়ন থাকিবই লাগিব। কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান থাকিব লাগিব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-১১-২০২১। 

আগ্ৰহী প্ৰাৰ্থীয়ে ID: ncltheadquarters@gmail.com লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে। আবেদনৰ লগত স্ব-প্ৰত্যায়িত নথি-পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিব।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স  ০১-১১-২০২১-ত ৩০ বছৰতকৈ অধিক হব নালাগিব।