চাকৰি

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত পদ খালী

Sentinel Digital Desk

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি-২০২২ঃ

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাজ্যিক কৰ্মসূচী প্ৰৱন্ধক, আই টি সহকাৰী নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত আনুসংগিক তথ্য চাব পাৰেঃ 

প্ৰাৰ্থীসকলে  পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

ৰাজ্যিক কৰ্মসূচী প্ৰৱন্ধক, আই টি সহকাৰী 

পদৰ সংখ্যা

০৩টা। 

দৰমহা

মাহিলী ৩০ হেজাৰ টকাৰ পৰা ৭৫ হেজাৰ টকা। 

চাকৰিৰ স্থান

 গুৱাহাটী (অসম)। 

বয়সৰ সীমা

০১-০১-২০২২-ত সৰ্বোচ্চ ৪০ বছৰ। 

অন্তিম তাৰিখ

৭ ফেব্ৰুৱাৰী, ২০২২। 

ৱেবছাইট

pnrd.assam.gov.in। 


পদৰ বিশদঃ                                                                                                                                                                 খালী পদৰ সংখ্যা 

ৰাজ্যিক কৰ্মসূচী প্ৰৱন্ধক,

১ টা। 

ৰাজ্যিক কৰ্মসূচী কাৰ্যবাহী আৰু আই টি সহকাৰী

১ টাকৈ। মুঠ ২ টা। 


দৰমহাঃ 

ৰাজ্যিক কৰ্মসূচী প্ৰৱন্ধকঃ মাহিলী ৭৫ হেজাৰ টকা। 

ৰাজ্যিক কৰ্মসূচী কাৰ্যবাহীঃ মাহিলী ৫০ হেজাৰ টকা। 

আই টি সহকাৰীঃ মাহিলী ৩০ হেজাৰ টকা। 

বয়সৰ সীমাঃ 

ৰাজ্যিক কৰ্মসূচী প্ৰৱন্ধকঃ সৰ্বোচ্চ ৪০ বছৰ। 

ৰাজ্যিক কৰ্মসূচী কাৰ্যবাহীঃ সৰ্বোচ্চ ৪০ বছৰ। 

আই টি সহকাৰীঃ সৰ্বোচ্চ ৩০ বছৰ। 

শিক্ষাগত অৰ্হতাঃ 

ৰাজ্যিক কৰ্মসূচী প্ৰৱন্ধকঃ বি ই / বি টেক, এম বি এ। 

ৰাজ্যিক কৰ্মসূচী কাৰ্যবাহীঃ বি ই / বি টেক, এম চি এ ।

আই টি সহকাৰীঃ বি এছ চি, বি চি এ। 

অভিজ্ঞতাৰ বিশদঃ 

ৰাজ্যিক কৰ্মসূচী প্ৰৱন্ধক: যিকোনো ৰাজহুৱা খণ্ড / প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডত মেনেজেৰিয়েল পৰ্যায়ত কাম কৰাৰ ন্যূনতম ৭ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। আই টিৰ উপযুক্ত জ্ঞান থাকিব লাগিব। 

ৰাজ্যিক কৰ্মসূচী কাৰ্যবাহীঃ যিকোনো ৰাজহুৱা খণ্ড / প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডত  কাম কৰাৰ ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। আই টিৰ উপযুক্ত জ্ঞান থাকিব লাগিব।

আই টি সহকাৰীঃ যিকোনো ৰাজহুৱা খণ্ড / প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডত কাম কৰাৰ ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ 

প্ৰথমে অফিচিয়েল ৱেবছাইট pnrd.assam.gov.in চাওক

আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক। আৱেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (৭ ফেব্ৰুৱাৰী-২০২২) ভিতৰত আবেদন পত্ৰ দাখিল কৰক।

ভৱিষ্যতৰ প্ৰসংগৰ বাবে আবেদন পত্ৰ নম্বৰ/কুৰিয়াৰ স্বীকৃতি নম্বৰ সংগ্ৰহ কৰক।