চাকৰি

ভাৰতীয় ৰিজাৰ্ভ বেংকত আইন বিষয়া, প্ৰৱন্ধকৰ পদ খালী

ভাৰতীয় ৰিজাৰ্ভ বেংকে আইন বিষয়া, প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। অৰ্হতা, বয়সৰ সীমা, দৰমহাৰ তথ্য তলত চাব পাৰে।

Sentinel Digital Desk

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিষয়েঃ  

ভাৰতীয় ৰিজাৰ্ভ বেংক হৈছে দেশৰ কেন্দ্ৰীয় বেংক আৰু বেংক ব্যৱস্থাৰ নিয়ন্ত্ৰক কৰ্তৃপক্ষ। ১৯৩৫-ত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হয়। ৰিজাৰ্ভ বেংকে ইয়াৰ অধীনৰ বেংকসমূহলৈ ধনৰ যোগান ধৰে আৰু ধনৰ যোগান নিয়ন্ত্ৰণ কৰে। তদুপৰি ৰিজাৰ্ভ বেংকে দেশৰ মূল ধন পৰিশোধ ব্যৱস্থাও নিয়ন্ত্ৰণ কৰে আৰু দেশৰ আৰ্থিক উন্নয়নৰ উত্তৰণ ঘটায়। বেংক নোট মুদ্ৰণ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অন্যতম বিশেষীকৃত শাখা। এই শাখাই ভাৰতীয় নোট আৰু মুদ্ৰা মুদ্ৰণ কৰে। নেচনেল পেমেণ্টেছ কৰ্পোৰেচন অৱ ইণ্ডিয়াক আৰ বি আয়ে প্ৰতিষ্ঠা কৰা। ই হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এটা বিশেষীকৃত শাখা। ইয়ে ডিপোজিট ইন্সুৰেন্স আৰু ঋণৰ সুবিধা ভাৰতীয় বেংকসমূহক প্ৰদান কৰে। 

২০১৬-ত মুদ্ৰা নীতি সমিতি গঠন নকৰালৈকে দেশৰ মুদ্ৰা নীতিত ৰিজাৰ্ভ বেংকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছিল। ১৯৩৪-ৰ ৰিজাৰ্ভ বেংক আইন অনুসৰি ১৯৩৫-ৰ ১ এপ্ৰিলৰ পৰা ৰিজাৰ্ভ বেংকৰ কাম-কাজ আৰম্ভ হয়। ১৯৪৯-ৰ ১ জানুৱাৰীত ৰিজাৰ্ভ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হয়।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিযুক্তি-২০২২ঃ  

ভাৰতীয় ৰিজাৰ্ভ বেংকে আইন বিষয়া আৰু প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত চাব পাৰে।  

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

আইন বিষয়া, প্ৰৱন্ধক। 

খালী পদ

১৪টা। 

দৰমহা

নিয়ম অনুসৰি। 

বয়সৰ সীমা

১ জানুৱাৰী, ২০২২-ত ২১-ৰ পৰা ৪৫ বছৰৰ ভিতৰত হব লাগিব। 

চাকৰিৰ স্থান

ভাৰতৰ বিভিন্ন স্থানত। 

আবেদন মাচুল

সাধাৰণ শ্ৰেণী / ও বি চি  আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ ৬০০ টকা। এছ চি- এছ টিৰ ১০০ টকা। অন্যান্য শ্ৰেণীৰ নাই। পৰিশোধৰ পদ্ধতিঃ অনলাইন। 

বাছনি প্ৰক্ৰিয়া 

-

অন্তিম তাৰিখ

৪ ফেব্ৰুৱাৰী, ২০২২ 

ৱেবছাইট

rbi.org.in

শিক্ষাগত অৰ্হতা: 

আইন বিষয়াঃ আইনৰ স্নাতক ডিগ্ৰী। 

প্ৰৱন্ধক (চিৱিল)ঃ চিৱিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীধাৰী। 

প্ৰৱন্ধক (বৈদ্যুতিক)ঃ বৈদ্যুতিক অভিযান্ত্ৰিক/ বৈদ্যুতিক আৰু ইলেক্ট্ৰনিকছ ইঞ্জিনীয়াৰিঙৰ বি ই বা বি টেক হব লাগিব। 

লাইব্ৰেৰী প্ৰফেচনেল গ্ৰেড-১ঃ কলা / বাণিজ্য/ বিজ্ঞানৰ স্নাতক. স্নাতকোত্তৰ ডিগ্ৰী। 

স্থপতিবিদঃ স্থাপত্যৰ ডিগ্ৰী। 

পূৰ্ণ-কালীন সময়ৰ কিউৰেটৰঃ স্নাতকোত্তৰ ডিগ্ৰী। 

অভিজ্ঞতাঃ 

আইন বিষয়াঃ গ্ৰেড-বিঃ অধিবক্তা/ আইনী পৰামৰ্শদাতা / আইনী সহায়ক / সহযোগীৰূপে কাম কৰাৰ অন্ততঃ ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অথবা ডাঙৰ বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ আইন বিভাগত আইন বিষয়াৰূপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। 

অন্যান্য পদসমূহৰ ক্ষেত্ৰটো সংশ্লিষ্ট ক্ষেত্ৰত প্ৰাৰ্থীৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৪ ফেব্ৰুৱাৰীৰ ভিতৰত rbi.org.in-ৰ পৰা আবেদন জনাব পাৰিব।