চাকৰি

SCERT অসম ৰিজাল্ট - SCERT D.El.Ed অনলাইন কাউন্সিলিং

প্ৰাথমিক শিক্ষা বিভাগত ২বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰমৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা প্ৰবেশ পৰীক্ষাৰ (PET) ফলাফল মুকলি কৰিছে

Sentinel Digital Desk

শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ ৰাজ্যিক পৰিষদ (SCERT) অসমে ২০২১ - ২০২৩ বৰ্ষৰ বাবে প্ৰাথমিক শিক্ষা বিভাগত ২বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰমৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা প্ৰবেশ পৰীক্ষাৰ (PET) ফলাফল মুকলি কৰিছে।

SCERT পৰীক্ষাৰ ফলক্লফলত বিষয়ে :

পৰীক্ষাৰ নাম : SCERT প্ৰবেশ পৰীক্ষা (PET) ২০২১

পাঠ্যক্ৰমৰ নাম : প্ৰাথমিক শিক্ষা বিভাগত ২বছৰীয়া ডিপ্লোমা

বৰ্ষ : ২০২১ - ২০২৩

পৰীক্ষাৰ দিন : ১৯/০৯/২০২১

ফলাফলৰ দিন : ১১/১১/২০২১

অনলাইন কাউন্সিলিংৰ দিন : ১৭, ১৮, ১৯ নৱেম্বৰ ২০২১

নামভৰ্তি : ২৫, ২৬, ২৯ নৱেম্বৰ ২০২১

অনলাইন কাউন্সিলিংৰ বিষয়ে :

# তালিকাত উল্লেখিত শিক্ষাৰ্থী সকলে এই অনলাইন কাউন্সিলিংত সহযোগ কৰিব লাগিব। ইয়াৰ বাবে তেওঁলোকে নিজৰ পছন্দৰ TEI জমা কৰিব লাগিব।

# শিক্ষাৰ্থী সকলে https://www.scertassam.co.in ৱেবচাইট যোগে নিজৰ ক্ৰমিক নম্বৰ আৰু জন্মৰ তিথি যোগ কৰি অনলাইন কাউন্সিলিংত যোগ কৰিব পাৰিব।

অনলাইন কাউন্সিলিংৰ তাৰিখ : অনলাইন কাউন্সিলিং ১৭, ১৮ আৰু ১৯ ৰ ১১:৫৯pm লৈকে চলিব। আৰু সকলো TEI টে নিযুক্তি সহ বাছনিৰ তালিকা প্ৰকাশ কৰা হ'ব ২৩/১১/২০২১ তাৰিখে।

নামভৰ্তি : নামভৰ্তি প্ৰক্ৰিয়া ২৫, ২৬ আৰু ২৯ নৱেম্বৰ তাৰিখে লৈকে অনুষ্ঠিত কৰা হ'ব। এই সময়সীমাৰ পাছত তালিকাত থকা কোনো শিক্ষাৰ্থীৰ নামভৰ্তিৰ আৱেদন মঞ্জুৰ কৰা নহ'ব।

ৱেইটিং লিষ্ট : তালিকাত উল্লেখিত শিক্ষাৰ্থী সকলৰ নামভৰ্তিৰ পাছত TEI সমূহত বাকী ৰোৱা চিটৰ অনুযায়ী ৱেইটিং লিষ্টত থকা সকলৰ নামভৰ্তি কৰোৱা হ'ব।

ব্যক্তিগত TEI : ব্যক্তিগত TEI সমূহৰ অনলাইন কাউন্সিলিংৰ বাবে পৰবৰ্তী সময়ত দিন আৰু সময় ধাৰ্য্য কৰা হ'ব। যাৰ অধিসূচনা https://www.scertassam.co.in ৱেবছাইটত অচিৰেই মুকলি পাব।