ছাউথ এছিয়ান ইউনিৰ্ভাছিটীৰ বিষয়েঃ
ছাউথ এছিয়ান ইউনিৰ্ভাৰছিটী হৈছে দক্ষিণ এছিয়া আন্তঃমাণ্ডলিক সহযোগিতা সংস্থা ( ছাৰ্ক)-ৰ আঠখন দেশৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত এখন আন্তৰ্জাতিক বিশ্ববিদ্যালয় ৷ এই ৮ খন দেশ হৈছেঃ ভাৰত, নেপাল, পাকিস্তান, আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপ আৰু শ্ৰীলংকা ৷ ২০১০ত ছাউথ এছিয়ান ইউনিৰ্ভাৰচিটীয়ে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আৰম্ভ কৰে ৷ তেতিয়া বিশ্ববিদ্যালয়খনে ইয়াৰ আকবৰ ভৱনস্থিত অস্থায়ী ভৱনত শিক্ষাদান আৰম্ভ কৰে। ইয়াৰ স্থায়ী ভৱন দক্ষিণ দিল্লীৰ ময়দান গ্ৰাহীত স্থাপন কৰা হ'ব ৷
দুটা স্নাতকোত্তৰ পাঠ্যক্ৰমৰে ২০১০ৰ আগষ্টত এই বিশ্ববিদ্যালয়ৰ প্ৰথম শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ হয় ৷
২০১৪-ৰ পৰা এই বিশ্ববিদ্যালয়ে প্ৰায়োগিক গণিত, জীৱ-প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ ছায়েন্স, উন্নয়নশীল অৰ্থনীতি, আন্তৰ্জাতিক সম্পৰ্ক, আইন আৰু সমাজশাস্ত্ৰত স্নাতকোত্তৰ, এম ফিল/পি এইচ ডি শিক্ষা আগবঢ়াবলৈ লয় ৷ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ আঠখন দেশৰ মাজত স্বাক্ষৰিত চুক্তি অনুসৰি এই বিশ্ববিদ্যালয়ৰ ডিগ্ৰীসমূহক আটাইকেইখন দেশে স্বীকৃতি প্ৰদান কৰিছে ৷ছাউথ এছিয়ান বিশ্ববিদ্যালয়ত ঘাইকৈ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰকেইখনৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে ৷ অৱশ্যে আন মহাদেশৰ ছাত্ৰ-ছাত্ৰীও এই বিশ্ববিদ্যালয়লৈ অধ্যয়নৰ বাবে আহে ৷
ছাউথ এছিয়ান বিশ্ববিদ্যালয়ত নিযুক্তি-২০২২ঃ
ছাউথ এছিয়ান বিশ্ববিদ্যালয়ে ক্লিনিকেল চাইকোলজিষ্ট নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷ আগ্ৰহী প্ৰাৰ্থীসকলে তলত এই পদৰ সবিশেষ তথা শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ বিষয়ে চাব পাৰে ৷
আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:
পদৰ নাম | ক্লিনিকেল ছাইকোলজিষ্ট। |
খালী পদ | নিৰ্দিষ্টকৈ উল্লেখ নাই। |
দৰমহা | প্ৰতিটো ভিজিটত ২,২০০ টকা। |
নিযুক্তিৰ স্থান | দিল্লী, নতুন দিল্লী। |
আবেদনৰ মাছুল | নাই। |
দৰমহা | প্ৰতিটো ভিজিটত ২,২০০ টকা। |
অন্তিম তাৰিখ | ১৪ ফেব্ৰুৱাৰী, ২০২২। |
বয়সৰ সীমা | অনলাইন আবেদন গ্ৰহণৰ শেষ তাৰিখত সৰ্বোচ্চ ৩২ বছৰ। |
শিক্ষাগত অৰ্হতা:
স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা মনোবিজ্ঞান/ ক্লিনিকেল ছাইকোলজীৰ এম এ আৰু এম ফিল হব লাগিব।
অভিজ্ঞতাৰ বিশদঃ
কনছালটেন্সীত প্ৰাৰ্থীৰ ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইয়াৰে অন্ততঃ ১ বছৰ বিশ্ববিদ্যালয় বা উচ্চ শিক্ষানুষ্ঠানত হব লাগিব।
আবেদনৰ নিয়মঃ
অনুমোদিত প্ৰ-পত্ৰত আবেদন Registrar, South Asian University, Akbar Bhawan, Chanakyapuri, New Delhi-110021-লৈ প্ৰেৰণ কৰিব পাৰে। অথবা registrar@sau.int-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।
আৰু চাব পাৰে :IIEST নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্চ ফেলো পদখালী