চাকৰি

স্বচ্ছ ভাৰত মিছন (নগৰ), অসমত দুটা পদ খালী

Sentinel Digital Desk

স্বচ্ছ ভাৰত মিছন-নগৰ (অসম)ঃ

ভাৰচ চৰকাৰে ২০১৪-ৰ ২ অক্টোবৰত স্বচ্ছ ভাৰত মিছন (নগৰ) মকলি কৰে। এই মিছন ৰূপায়ন কৰি আছে কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰালয়ে আৰু এই মিছনৰ অধীনত সকলো আইনগত মহানগৰ আৰু নগৰক সামৰি লোৱা হৈছে। এই মিছনৰ উদ্দেশ্য হৈছে সমগ্ৰ ভাৰতৰ নগৰাঞ্চলৰ বাসিন্দাসকলক অনাময় শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ প্ৰদান কৰা । ইয়াৰ জৰিয়তে ২০১৯ৰ ভিতৰত সম্পূৰ্ণৰূপে ১০০ শতাংশ মুকলিত মলত্যাগমুক্ত গৃহস্থীগৃহ কৰিবলৈ লক্ষ্য লোৱা হয়।  

স্বচ্ছ ভাৰত মিছন (নগৰ), অসমত নিযুক্তিঃ 

স্বচ্ছ ভাৰত মিছন (নগৰ), অসমত প্ৰকল্প সমন্বয়ক আৰু আই ই চি এক্সপাৰ্ট নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত চাব পাৰেঃ 

 অৰ্হতা, বয়সৰ সীমা,দৰমহা, আৰু কেনেদৰে বিৱৰণ প্ৰয়োগ কৰিব লাগে তলত দিয়া হৈছেঃ 

চাকৰি


পদৰ নাম

প্ৰকল্প সমন্বয়ক, আই ই চি এক্সপাৰ্ট। 

খালী পদ 

প্ৰকল্প সমন্বয়কৰ এটা আৰু আই ই চি এক্সপাৰ্টৰ ১ টা।  

দৰমহা

মাহিলী ৩৫ হেজাৰ টকা। 

চাকৰিৰ স্থান

অসম। 

বয়সৰ সীমা 

২৫ ৰ পৰা ৪০ বছৰ। 

আৱেদন মাচুল

তথ্য উপলব্ধ নহয়। 

আবেদনৰ শেষ তাৰিখ

১১ জানুৱাৰী, ২০২২। 

শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতা :

প্ৰকল্প সমন্বয়কৰ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি চৰকাৰী/ অৰ্ধ-চৰকাৰী. / স্বতন্ত্ৰ সংস্থা  / ব্যক্তিগত প্ৰতিষ্ঠিত সংস্থাত কাম কৰাৰ ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ভাল প্ৰশাসনিক আৰু মানুহৰ সৈতে ভাব প্ৰকাশৰ দক্ষতা থাকিব লাগিব। এম এছ অফিচ আৰু এম আই এছৰ জ্ঞান থাকিব লাগিব। 

আই ই চি এক্সপাৰ্টৰ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫৫ শতাংশ নম্বৰসহ দুবছৰীয়া গণসংযোগ/  জন সম্পৰ্ক/ সাংবাদিকতাৰ ডিগ্ৰীধাৰী হব লাগিব।  তদুপৰি স্নাতকতো ন্যূনতম ৫৫ শতাংশ নম্বৰ লাভ কৰিব লাগিব। তদুপৰি চৰকাৰী/ অৰ্ধ-চৰকাৰী. / স্বতন্ত্ৰ সংস্থা / ব্যক্তিগত প্ৰতিষ্ঠিত সংস্থাত কাম কৰাৰ ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। আই ই চি ষ্ট্ৰেটেজী বিকাশৰ জ্ঞান থাকিব লাগিব। এম এছ অফিচ আৰু এম আই এছৰ জ্ঞান থাকিব লাগিব। চৰকাৰী কাম বা প্ৰতিষ্ঠিত ছপা বা বৈদ্যুতিন মাধ্যমত কাম কৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব। 

আবেদনৰ নিয়মঃ 

অহা ১১ জানুৱাৰী, ২০২১ৰ ভিতৰতhttps://forms.gle/zFeabwiTZM6e5Kh2A-ৰ ভিতৰত আবেদন জনাব পাৰিব।