চাকৰি

ASSTC অসমত শিক্ষকৰ খালীপদত নিযুক্তি

Sentinel Digital Desk

ASSTC ৰ বিষয়ে:

অসম অনুসন্ধান আৰু বসতি প্ৰশিক্ষণ কেন্দ্ৰৰ পূৰ্বৰ নাম আছিল "অসম অনুসন্ধান বিদ্যালয়"। চন ১৮৮২ত ভূমি তথ্য আৰু কৃষি বিভাগ অসমৰ সৈতে গঢ়ি তোলা হৈছিল অসমৰ ভিন্ন স্থান, গুৱাহাটী; মঙ্গলদৈ; তেজপুৰ; যোৰহাট; আৰু শিৱসাগৰত ০৫খন কৈ অসম অনুসন্ধান বিদ্যালয়। কিন্তু পৰবৰ্তী সময়ত চন ১৯৮৭ - ৮৮ত ইয়াৰে এখন বিদ্যালয় উঠাই লোৱা হয়, আৰু ১৯৮৮-৮৯চনত বাকী তিনি খন, যাৰ পাছত সক্ৰিয় হয় ৰয় গুৱাহাটীত স্থিত অনুসন্ধান বিদ্যালয় খন। আৰু সেই সময়ৰ পৰা ৰাজ্য চৰকাৰৰ অধীনত সক্ৰিয় ভাৱে কৰ্মৰত গুৱাহাটীৰ, জালুকবাৰী অঞ্চলত অৱস্থিত এই অনুসন্ধান বিদ্যালয়। ১৯৬২চন চীন সৈন্যৰ দ্বাৰা অসমত আক্ৰমণ কৰাৰ সময়ত অনুসন্ধান বিদ্যালয়ৰ স্থায়ী চৌহদ দখল কৰিছিল সংৰক্ষণ বাহিনীৰ কৰ্তৃপক্ষই আৰু অনুসন্ধান বিদ্যালয় স্থানান্তৰিত কৰা হৈছিল শান্তিপুৰ, গুৱাহাটী লৈ। যাৰ পাছত এই বিদ্যালয় স্থায়ী ৰূপে নিৰ্মাণ কৰিবৰ হেতু চন ১৯৮০-৮ ১ত অসম চৰকাৰে দক্ষিণগাঁও, গুৱাহাটী অঞ্চলত কাম আৰম্ভ কৰে আৰু ০২/০৯/১৯৯৮চনত এই স্থায়ী চৌহদ লৈ স্থানান্তৰ কৰে, আৰু ইয়াৰ মাজতে এই প্ৰতিষ্ঠানৰ পুনৰ নামাকৰণ কৰা হয়, "অসম অনুসন্ধান আৰু বসতি প্ৰশিক্ষণ কেন্দ্ৰ" নামেৰে।

ASSTC ত শেহতীয়া পদ খালী:

ASSTC ত শেহতীয়া ভাৱে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক মডাৰ্ণ চাৰ্ভেৰ শিক্ষকৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন পত্ৰ দাখিল কৰিবৰ বাবে আহ্বান জনাইছে। ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন পূৰণৰ অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পাৰিব।

পদৰ সবিশেষ তলত উল্লেখিত কৰা হ'ল:

পদৰ বিৱৰণ 

প্ৰয়োজনীয় তথ্য

পদৰ নাম

মডাৰ্ণ চাৰ্ভেৰ শিক্ষক

খালী পদ 

০৩

বয়স 

অধিকতম ৬৫বছৰ, ০১/০১/২০২১ৰ মতে

দৰমহা 

২৫,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

গুৱাহাটী অসম

অন্তিম তাৰিখ

 ১৪/১২/২০২১

পদৰ ধৰণ 

চৰকাৰী

শিক্ষক পদৰ বাবে শিক্ষাগত অৰ্হতা:

১/ ভূগোল/ ভূ-বিজ্ঞান/ জিঅ'ইনফৰ্মেটিক্স/ পদাৰ্থ বিজ্ঞান/ গণিত/ চিভিল অভিযান্ত্ৰিক বিভাগত পোষ্ট গ্ৰেজুৱেট লগতে জি আই এছ, মডাৰ্ণ চাৰ্ভে, কম্পিউটাৰ সংযুক্ত ডিজাইন, ডিজিটেল মানচিত্ৰাংকণ বিদ্যা বা ৰিমোট সেন্সিং আদি অধ্যায়নৰ প্ৰমাণ

বা

কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিভাগত গ্ৰেজুৱেট লগতে কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা জি আই এছ, জি পি এছ/ ই পি এছ, অট'কেড বা ৰিমোট সেনাই সেন্সিং আদিত ০১বছৰীয়া বিশেষ পাঠ্যক্ৰম

২/ ইংৰাজী ভাষাত স্পষ্ট আৰু লগতে অসমীয়া বা বেংগলী ভাষাত কথোপকথনৰ অৰ্হতা

৩/ ০৩বছৰীয়া প্ৰাসংগিক অভিজ্ঞতা থকা প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব

আৱেদন প্ৰক্ৰিয়া:

১/ ইচ্ছুক প্ৰাৰ্থীয়ে https://www.asstc.org.in/application-form লিংক যোগে আৱেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব

২/ ১৪/১২/২০২১ তাৰিখৰ পূৰ্বে আৰু উক্ত তাৰিখে আৱেদন প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ