চাকৰি

মঞ্জুশ্ৰী পাব্লিক স্কুল গেংটক নিযুক্তি ২০২১ - ০৭ শিক্ষকৰ পদ খালী

মঞ্জুশ্ৰী পাব্লিক স্কুলত শিক্ষকৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।

Sentinel Digital Desk

মঞ্জুশ্ৰী পাব্লিক স্কুল, গেংটক:

মঞ্জুশ্ৰী পাব্লিক স্কুল হৈছে, দুটি চৌহদত বিভক্ত এখনি সহ শিক্ষা বিদ্যালয়। লোৱাৰ চিচে, অঞ্চলত অৱস্থিত এই বিদ্যালয়ৰ শাখাত এল কে জি গ্ৰেডৰ পৰা আৰম্ভণি কৰি পঞ্চম শ্ৰেণী লৈকে শিক্ষাদান কৰোৱা হয়। অন্যহাতে টেমি টেৰ্কু, দক্ষিণ ছিক্কিমত শিক্ষাদান কৰোৱা হয় পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈকে।

এই বিদ্যালয়ৰ প্ৰধান লক্ষ্য হৈছে সকলো শিক্ষাৰ্থীকে এনে শিক্ষা প্ৰদান কৰা যাৰ দ্বাৰা তেওঁলোকে বাহিৰৰ জগতৰ আত্ম বিশ্বাসেৰে সন্মুখীন হ'ব পাৰে, এই বিদ্যালয়ৰ উদ্দেশ্যে নিজৰ দক্ষতাৰে নিজৰ জীৱন যাপন কৰিব পৰা যুৱক আৰু যুৱতী গঢ়ি তোলা। এই বিদ্যালয়ে এনে এক পৰিবেশ গঢ়ি তুলিব বিচাৰে, যাৰ দ্বাৰা তেওঁলোকে নিজৰ সপোন পূৰাবলৈ সক্ষম হ'ব।

মঞ্জুশ্ৰী পাব্লিক স্কুলত শেহতীয়া পদ খালী :

মঞ্জুশ্ৰী পাব্লিক স্কুলত শেহতীয়া ভাৱে শিক্ষকৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ 

 প্ৰয়োজনীয় তথ্য

পদ নাম 

শিক্ষক 

খালী পদ

 ০৭

বয়স 

উল্লেখিত নাই

দৰমহা

নিয়মাৱলী অনুসৰি

অৱস্থান

গেংটক - ছিক্কিম

আৱেদন প্ৰক্ৰিয়া

অফলাইন

অফলাইন

 http:/mpssikkim.edu.in/ 

শিক্ষাগত অৰ্হতা : 

পদৰ নাম

 শিক্ষাগত অৰ্হতা

পি জি টি 

 ৰসায়ন বিজ্ঞান বিভাগতভানাতক উত্তীৰ্ণ। ৩ + বছৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰা সকলক প্ৰাধান্য দিয়া হ'ব 

আই চি টি

B. Sc/ MCA। ৩ + বছৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰা সকলক প্ৰাধান্য দিয়া হ'ব

শাৰীৰিক শিক্ষা প্ৰশিক্ষক

বি পি ই ডি, লগতে বিভিন্ন ক্ৰিয়া তথা শাৰীৰিক সুস্থতা সম্পৰ্কে শিক্ষাদান কৰিবলৈ সক্ষম হব লাগিব। 

সংগীত শিক্ষক

বিভিন্ন সংগীত বিভাগত পাৰ্গত 

প্ৰাথমিক শিক্ষক

হিন্দী আৰু অন্য বিষয়ত BA/ B. Sc + D.EL.ED/ B. Ed, প্ৰাথমিক শিক্ষকতা অভিজ্ঞতা থকা সকলক প্ৰাধান্য দিয়া হ'ব 

আৱাসিক নাৰ্চ 

B. Sc/ জি এন এম ডিপ্লোমা 

আৱাসিক নিৰীক্ষক 

গ্ৰেজুৱেট, লগতে শিশু সকলৰ সৈতে কাম কৰিবলৈ ইচ্ছুক 

আৱেদন প্ৰক্ৰিয়া :

আগ্ৰহী প্ৰাৰ্থী সকলে নিজৰ বায়ডাটা, "মঞ্জুশ্ৰী, পাব্লিক স্কুল, চুংজ্ঞাল চৌহদ, এম জি মাৰ্গ, গেংটক, ছিক্কিম - ৭৩৭১০১ লৈ প্ৰেৰণ কৰিব পৰিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ