চাকৰি

ভেলী ভিউ স্কুল,উত্তৰ লক্ষীমপুৰত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

Sentinel Digital Desk

ভেলী ভিউ স্কুল,উত্তৰ লখিমপুৰত শিক্ষক আৰু কাৰ্যালয় সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : শিক্ষক

খালী পদৰ সংখ্যা : ০৬টা। 

পদৰ নাম : কাৰ্যালয় সহকাৰীৰ

খালী পদৰ সংখ্যা : ০২টা। 

বয়স : CBSE য়ে ধাৰ্য কৰা নিয়ম মতে । 

নিযুক্তিৰ স্থান : লখিমপুৰ, অসম । 

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩১/০৮/২০২১

পদৰ ধৰণ : স্থায়ী

শিক্ষাগত অৰ্হতা :

শিক্ষক : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী আবেদন কৰা বিষয়ত  স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব, পেশাদাৰী অৰ্হতা যেনে BEd/ DElEd কৰা আৰু কম্পিউটাৰত নিপুণ হ'ব লাগিব।

কাৰ্যালয় সহকাৰী : এই পদৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী আৰু কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান থকা হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ উল্লেখিত ই মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : valleyviewschoolsrsec@gmail.com