চাকৰি

ICARৰ ছিক্কিম কেন্দ্ৰত ০১গৰাকী যুৱ পেছাদাৰীৰ পদখালী

Sentinel Digital Desk

কৃষি গৱেষণা আৰু জ্ঞান বিভাগ, কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অধীনত স্থাপিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ এখন স্বায়ত্ত্ব অনুষ্ঠান। সামাজিক পঞ্জীয়ন অধিনিয়ম ১৮৬০ৰ অধীনত এখনি পঞ্জীয়ক সমাজ ৰূপে পূৰ্বে এই অনুষ্ঠানৰ নাম আছিল কৃষি গৱেষণা ৰাজকীয় পৰিষদ (Imperial Council of Agricultural Research), আৰু ইয়াক প্ৰতিস্থাপন কৰা হৈছিল ১৯২৯চনৰ ১৬জুলাই তাৰিখে। এই অনুষ্ঠানৰ মূখ্য কাৰ্যালয় স্থিত নতুন দিল্লীত। এই অনুষ্ঠানে কৃষি বিভাগীয় ভিন্ন বিভাগ যে উদ্ভিদ বিজ্ঞান, মৎস্য বিভাগ আৰু পশু বিজ্ঞান বিষয়ক কেন্দ্ৰ কৰি কাৰ্যনিৰ্বাহ কৰে।

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ চাকৰিৰ অধিসূচনা :

ভাৰতীয় কৃষি গৱেষণা পৰিষদ ছিক্কিমত, উপযুক্ত প্ৰাৰ্থী সকলক যুৱ পেছাদাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

যুৱ পেছাদাৰী

 খালী পদৰ সংখ্যা

০১টা

বয়স

২১ - ৪৫বছৰ

দৰমহা

৩৫,০০০টকা, মাহিলী 

নিযুক্তিৰ স্থান

ছিক্কিম, গেংটক

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

১১/১১/২০২১

শিক্ষাগত অৰ্হতা :

কৃষি অভিযান্ত্ৰিক/ মাটিৰ পানী সংৰক্ষণ/ কৃষি পদাৰ্থ বিজ্ঞান/ কৃষি বতৰ বিজ্ঞান/ জল সম্পদ অভিযান্ত্ৰিক/ জল বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ

বা

প্ৰাসংগিক বিষয়ত স্নাতকোত্তৰ (M. Sc,/ M. Tech/ বাণিজ্য প্ৰশাসন বা জি আই এছ আৰু ৰিমট সেঞ্চিং বা প্ৰাসংগিক বিষয় সমূহত বিত্তিধাৰী পাঠ্যক্ৰমত স্নাতকোত্তৰ)

আবেদনৰ প্ৰক্ৰিয়া :

প্ৰাৰ্থী সকলে নিজৰ বায়ডাটা, প্ৰয়োজনীয় নথি পত্ৰ, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ সমূহৰ প্ৰকৃত প্ৰতিলিপি আৰু সহ নিৰ্দেশক, ICAR ছিক্কিম কেন্দ্ৰ, টাডং, গেংটক - ৭৩৭১০২ বুলি উল্লখিত আৱেদন সহ নিৰ্দেশক, "ICAR ছিক্কিম কেন্দ্ৰ, টাডং, গেংটক - ৭৩৭১০২" ত আহি উপস্থিত হ'ব লাগিব। আবেদন সহ নিজৰ মেট্ৰিকৰ পৰা আৰম্ভ কৰি সকলো শিক্ষাগত প্ৰমাণপত্ৰ আৰু ১খন পাছপৰ্ট ফটো যোগ কৰিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ