নিবিদা

চাফাই কৰ্মীৰ বাবে আৰ্কাইভ সঞ্চালকৰ নিবিদা আহ্বান

Sentinel Digital Desk

                                                                                                নিবিদা আহ্বান জাননী

অসমৰ আৰ্কাইভ সঞ্চালকালয়ত দুজন চাফাই কৰ্মী নিয়োগেৰে পৰিষ্কাৰকৰণৰ কাম চলোৱাৰ বাবে অৰ্হতাসম্পন্ন ফাৰ্ম/ কোম্পানীৰ পৰা বন্ধ খামত নিবিদা বিচৰা হৈছে। এই নিবিদাত ৮.২৫টকা (আঠ টকা পঁচিশ পইচা)-ৰ আদালতৰ মাচুল (অ-প্ৰত্যৰ্পিত) লগাব লাগিব। এই নিবিদা দুটা ভাগ ক্ৰমে কাৰিকৰী নিবিদা আৰু বিত্ত নিবিদা ভাগত সুকীয়া আৱৰণী লগাই এটা ডাঙৰ লেফাফাত জমা দিব লাগিব। ইয়াৰ সৈতে নিবিদাকাৰীৰ নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ থাকিব লাগিব। দুয়োটা আৱৰণীতে স্পষ্টভাবে কাৰিকৰী ভাগ আৰু বিত্ত ভাগ বুলি লিখিব লাগিব। নিবিদাৰ লেফাফাৰ ওপৰত চাফাই কৰ্মী নিয়োজিতকৰণৰ বাবে নিবিদা বুলি লিখিব লাগিব। নিবিদা আৰ্কাইভ সঞ্চালক, দিছপুৰ, গুৱাহাটী-৭৮১০০৬লৈ প্ৰেৰণ কৰিব লাগিব।

নিম্নোক্ত স্বাক্ষৰকাৰীয়ে অহা ৭ অক্টোবৰ, ২০২০ৰ দিনৰ ১-৩০ বজাৰ ভিতৰত নিবিদা পাবই লাগিব। তাৰ পাছত জমা দিয়া নিবিদা গ্ৰহণ কৰা নহব। নিবিদাকাৰীয়ে আৰ্কাইভ সঞ্চালকৰ কাৰ্যালয় কক্ষৰ সন্মুখত ৰখা বাকচত জমা দিব লাগিব। সৰ্বনিম্ন নিৰিখৰ নিবিদা গ্ৰহণ কৰিবলৈ নিম্নোক্ত স্বাক্ষৰকাৰী বাধ্য নহয় আৰু কোনো নিবিদা কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ নাকচ কৰিব পাৰিব।

কামঃ এই কাৰ্য়ালয়ৰ চৌহদ, প্ৰসাৱগাৰ, শৌচাগাৰ পৰিষ্কাৰ আৰু সৰা-মুচা কৰা আদি।

সাধাৰণ অৰ্হতাৰ মাপকাঠিঃ (ক) সকলো নিবিদাকাৰীয়ে নিবিদা নিম্নোক্ত নথিৰ সৈতে জমা দিব লাগিবঃ

ক) জি এছ টি পঞ্জীয়নৰ প্ৰমাণপত্ৰ (খ) পাণকাৰ্ড (গ) ই পি এফ আৰু ই এছ আই চি পঞ্জীয়ন প্ৰমাণপত্ৰ (ঘ) দুটা বিত্তীয় বৰ্ষৰ আয়কৰ প্ৰত্যপৰ্ণৰ প্ৰমাণপত্ৰ (ঙ) গুৱাহাটী পৌৰ নিগমৰ বৈধ বাণিজ্যিক অনুজ্ঞাপত্ৰ।

২) নিবিদাৰ লেফাফাত ৮.২৫ টকাৰ আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব।

৩) GLR.503/81/Pt-I/l36 Dtd. 19/06/2020 নম্বৰৰ অধিসূচনা অনুসৰি শ্ৰমিক কল্যাণ বিভাগে বান্ধি দিয়া নীতি-নিয়মাৱলী আৰু ভি ডি এ তথা নূন্যতম মজুৰি আইন নিবিদাকাৰীয়ে মানি চলিব লাগিব।

৪) নিবিদাকাৰীয়ে ডিমাণ্ড ড্ৰাফট বা বেংকৰ এফ ডি আৰ বা এন এছ চি বা কল ডিপোজিটৰ জৰিয়তে ২০০০.০০টকা আৰ্কাইভ সঞ্চালক, অসম, দিছপুৰ, গুৱাহাটী-০৬ৰ হকে জমা দিব লাগিব।

৫) কাম লাভ কৰা নিবিদাকাৰীয়ে বিভিন্ন সামগ্ৰী যেনে ঝাৰু, ধূলি আঁতৰোৱা সামগ্ৰী, পৰিমাৰ্জক, বাকেট, ফেনাইল, চিত্ৰনলা, নেফথালিন আদি মজুত ৰাখিব লাগিব। কোনো কাৰণতে এনে সামগ্ৰীৰ যোগান বন্ধ কৰিবলৈ দিয়া নহব।

৬) উল্লেখ কৰা তথ্য শুদ্ধ বুলি নিবিদাকাৰীয়ে সকলো প্ৰমাণপত্ৰ, নথিপত্ৰ , টোকা আদিত ছীল মোহৰ মাৰি স্বাক্ষৰ কৰিব লাগিব।

৭) সেৱা যোগানকাৰীয়ে কাৰ্যালয় চৌহদত তেওঁৰ আচৰণ সঠিক কৰি ৰাখিব লাগিব। কাৰ্যালয় চৌহদত সুৰাপান, ধঁপাত সেৱন, ধুমপান কৰিব নোৱাৰিব।তদুপৰি ইফালে-সিফালে গা ঘেলাই ফুৰিব নোৱাৰিব।

খ) বিত্তীয় নিৰিখ নিম্নোক্ত ধৰণেৰে উল্লেখ কৰিব লাগিবঃ

১)প্ৰাথমিকঃ

২)ই পি এ @ঃ

৩) ই এছ আই @

৪) উপ-মুঠঃ

৫) সেৱাৰ মাচুলঃ

৬) মুঠঃ

৭) জি এছ টি @ঃ

৮) সৰ্বমুঠঃ

স্বাক্ষৰঃ আৰ্কাইভ সঞ্চালক( ভাৰপ্ৰাপ্ত)

অসম, দিছপুৰ, গুৱাহাটী-৬।