নিবিদা

আৰ চি চি গৃহ নিৰ্মাণৰ বাবে লখিমপুৰৰ মাণ্ডলিক বন বিষয়াৰ নিবিদা আহ্বান

Sentinel Digital Desk

লখিমপুৰ বন সংমণ্ডলৰ অধীনৰ মুখ্য কাৰ্যালয় হাৰমতী বনাঞ্চলিকত চিভিল অভিযান্ত্ৰিক কামৰ বাবে পঞ্জীয়নকৃত ঠিকাদাৰ/ফাৰ্মৰ পৰা ৮.২৫টকাৰ অ-প্ৰত্যৰ্পিত আদালত মাচুলৰ মোহৰযুক্ত বন্ধ নিবিদা আহ্বান কৰা হৈছে ৷

সবিশেষ তলত উল্লেখ কৰা হৈছেঃ

কামৰ নামঃ গ্ৰাউণ্ড ফ্ল'ৰ নিৰ্মাণৰ কাম ৷ তাৰ ওপৰত তিনিটা মহলা নিৰ্মাণৰ সুবিধা ৰাখিব লাগিব ৷

নিবিদা অহা ২৪ছেপ্টেম্বৰৰ বিয়লি তিনি বজালৈকে লখিমপুৰ বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়াৰ কাৰ্যালয়ত গ্ৰহণ কৰা হ'ব ৷ ১৪-০৯-২৯২০ৰ বিয়লি ৩-৩০ বজাত নিবিদাকাৰী অথবা তেওঁলোকৰ কৰ্তৃত্বশীল প্ৰতিনিধিৰ উপস্থিতিত নিবিদা মুকলি কৰা হ'ব ৷ কোনো এৰাব নোৱৰা কাৰণত উক্ত দিনা নিবিদা মুকলি কৰিব নোৱাৰিলে পৰৱৰ্তী কৰ্মদিনত নিবিদা মুকলি কৰা হ'ব ৷

স্বাক্ষৰঃ মাণ্ডলিক বন বিষয়া, লখিমপুৰ, উত্তৰ লখিমপুৰ ৷