নিবিদা

চৰকাৰী আইন মহাবিদ্যালয় স্থাপনৰ বাবে নিবিদা আহ্বান

Sentinel Digital Desk

ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰী আইন মহাবিদ্যালয় স্থাপনৰ বাবে অসমৰ ৰাজ্যপালৰ হৈ গড়কাপ্টানী(গৃহ)ৰ মুখ্য অভিযন্তাই নিবিদা আহ্বান কৰিছে। ৰাজ্যৰ ১০টা স্থানত এই চৰকাৰী আইন মহাবিদ্যালয়সমূহ স্থাপন কৰা হব। ইয়াৰ নিবিদা মূল্য ১৩,৫৮,৭৭, ৬১৯টকা( তেৰ কোটি, আঠাৱন্ন লাখ, সাতসত্তৰ হেজাৰ ছয়শ উনৈশ টকা)। এই মহাবিদ্যালয়সমূহ ধুবৰীৰ বিলাসীপাৰা, নলবাৰীৰ টিহু, শোণিতপুৰৰ তেজপুৰ, কাচাৰৰ শিলচৰ, লখিমপুৰৰ উত্তৰ লখিমপুৰ, নগাঁৱৰ ৰহা, যোৰহাট আৰু ডিব্ৰুগড়ৰ মেলেঙীয়ালত স্থাপন কৰা হ'ব'।

সবিশেষ জানিবলৈ assamtenders.gov.in-চাব পাৰে। নিবিদা নথিত উল্লেখ থকা অৰ্হতা আৰু চৰ্তাৱলী মানি চলিব লাগিব। চূড়ান্ত ৱৰ্ক-অৰ্ডাৰ সংসশ্লিষ্ট কৰ্তৃপক্ষই প্ৰদান কৰিব।

স্বাক্ষৰঃ মুখ্য অভিযন্তা, গড়কাপ্টানী(গৃহ), অসম

চান্দমাৰী, গুৱাহাটী-০৩।