খেলৰ পৃথিৱী

গামোচাৰ টি-চাৰ্ট পিন্ধি অসমৰ হস্ততাঁত-বস্ত্ৰশিল্পৰ প্ৰচাৰ হিমা দাসৰ

Sentinel Digital Desk

অসমীয়া সংস্কৃতি প্ৰেমৰ আৰু এক নিদৰ্শন দাঙি ধৰিলে তাৰকা এথলীট হিমা দাসে। সম্প্ৰতি অসম গৌৰৱগৰাকীয়ে এতিয়া পঞ্জাৱৰ পাটিয়ালাত কঠোৰ অনুশীলনত ব্যস্ত হৈ আছে। শেহতীয়াভাবে তেওঁ অসমৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰসাৰ বৃদ্ধিৰ বাবে চেষ্টা চলাইছে। আজৰি সময়ত অসমীয়া গামোচাৰে প্ৰস্তুত কৰা টি-চাৰ্ট পৰিধান কৰি অসমৰ হস্ততাঁত বস্ত্ৰ প্ৰসাৰতা বৃদ্ধিৰ প্ৰয়াস কৰিছে ধিং এক্সপ্ৰেছ হিমাই ।

কেৱল সেয়াই নহয়, হিমাই তেওঁৰ ইনষ্টাগ্ৰাম পেজত অসমীয়া গামোচাৰে প্ৰস্তুত কৰা টি-চাৰ্ট পিন্ধি ফটো আপলোড কৰি সকলো অসমীয়াকে অসমৰ হস্ততাঁত বস্ত্ৰ শিল্পক আদৰি ল'বলৈ আহ্বান জনাইছে। তেওঁ গামোচাৰে প্ৰস্তুত কৰা টি-চাৰ্ট পৰিধান কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও চেষ্টা অব্যাহত ৰাখিছে।