খেলৰ পৃথিৱী

আঘাতৰ বাবে বিশ্বকাপৰ পৰা ৩ সপ্তাহৰ বাবে বিৰতি শেখৰ ধাৱানৰ

Sentinel Digital Desk

ভাৰতীয় ক্ৰিকেট টিমৰ বাবে মোক্ষম আঘাত। ৩ সপ্তাহৰ বাবে বিশ্বকাপ ২০১৯ ৰ পৰা বিৰত থাকিব শেখৰ ধাৱানে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত দুৰ্দান্ত শতৰান অৰ্জন কৰা অপেনাৰ শিখৰ ধৱনে আঙুলিত আঘাত পোৱাৰ ফলত তিনি সপ্তাহৰ বাবে খেলৰ পৰা বিৰত থাকিব লাগিব। বাওঁহাতৰ আঙুলিত আঘাত পাইছিল শিখৰ ধৱনে।

টীম ইণ্ডিয়াত বৰ্তমান ধৱনৰ স্থানত সুযোগ পাব পাৰে ঋষভ পন্তে অথবা শ্ৰীয়াচ আয়াৰ। বৰ্তমান ৰিজাৰ্ভ খেলুৱৈ হিচাপে আছে পন্ত। অধিনায়ক কোহলীৰ বাবে পন্ত এইবাবে প্ৰথম পছন্দ হ’ব পাৰে, কাৰণ পন্ত আক্ৰমণাত্মক বেটিঙৰ বাবে পৰিচিত আৰু শেহতীয়া প্ৰদৰ্শনো উন্নত। ধৱনৰ বিকল্পক লৈ এতিয়া প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অধিনায়ক বিৰাট কোহলী। দলত আছে কে এল ৰাহুল আৰু দীনেশ কাৰ্তিকৰ দলে বেটছমেন। কে এল ৰাহুলে বৰ্তমান চতুৰ্থ স্থানত বেটিং কৰি আছে। ইফালে, দীনেশ কাৰ্তিক ৰিজাৰ্ভ উইকেট কীপাৰ হিচাপে আছে দলত। এনে অৱস্থাত কাৰ্তিকেও দলত পাব পাৰে স্থান।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেখৰ ধাৱানে ১১৭ ৰান কৰিবলৈ সক্ষম হৈছিল । শেখৰ ধাৱানে ৩ সপ্তাহত নিইজিলেণ্ড, পাকিস্তান , আফগানিস্তান, ৱেষ্টইণ্ডিজ, আৰু ইংলেণ্ডৰ বিৰুদ্ধে খেলত অংশগ্ৰহন কৰিব নোৱাৰিব ।

অন্য খবৰৰ বাবে পঢ়ক :খেলৰ পৃথিৱী