খেলৰ পৃথিৱী

বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত তিনিচুকীয়াত ক্ৰীড়া প্ৰশিক্ষণৰ কাৰ্যসূচী

Sentinel Digital Desk

তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতপ্ৰাপ্ত বদৌচা স্পৰ্টছ ক্লাবে ক্ৰীড়া জগত খনত গুৰুত্বপূৰ্ণ অবদান আগবঢ়াই আহিছে । বিভিন্ন সময়ত ক্ৰীড়া প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে প্ৰতিযোগিতা আয়োজন কৰি আহিছে । বিগত সময়ছোৱাত বদৌচা স্পৰ্টছ ক্লাবে ক্ৰীড়া জগত খনত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

তিনিচুকীয়া ক্ৰীড়া সন্থাৰ স্বীকৃতপ্ৰাপ্ত বদৌচা স্পৰ্টছ ক্লাবে ক্ৰীড়া প্ৰশিক্ষণৰ এক অভিলাষী কাৰ্যসূচী গ্ৰহণ কৰিছে । ছাত্ৰ ছাত্ৰী সকলৰ ক্ৰীড়া ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । বুধবাৰে এক সংবাদমেল সম্বোধন কৰি সভাপতি অৰুনজ্যোতি মৰানে এই বিষয়ে প্ৰকাশ কৰে।

ক্ৰীড়া ক্ষেত্ৰ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুসৰি বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা , মাৰ্ঘেৰিতা জিলা ক্ৰীড়া সন্থা , শদিয়া জিলা ক্ৰীড়া সন্থাকে ধৰি স্থানীয় বহুতো সংগঠন, জাতীয়-জন গোষ্ঠী আৰু বিভিন্ন ক্ৰীড়া সংগঠনৰ সহযোগত ৫ জুলাইৰ পৰা ৫ আগষ্টলৈকে এক মাহ যোৰা কাৰ্যসূচীৰে এই ক্ৰীড়া প্ৰশিক্ষণৰ কাৰ্যসূচী আয়োজন কৰা হৈছে ।

এই কাৰ্যসূচীত ফুটবল , ভলীবল, হেণ্ডবল, এথলেটিকচ আৰু হকী প্ৰশিক্ষণ দিয়া হব । লগতে প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া স্থান সমূহ বাৰেকুৰিৰ তিনিটা , কৰদেউৰিৰ তিনিটা , কাকপথাৰৰ ৩ টা , ডুমডুমাৰ ২ টা , ৰাইডাং , ফিলবাৰী , টিংৰাই, ডিৰাক, চৈখোৱা, শদিয়াৰ দুটা , মাৰ্ঘেৰিতা , পেঙেৰী , কঠালগুৰি, লিডু , জাগুনৰ লগতে মুঠ ৪০ টা স্থানত দিয়া হব ।১৫ বছৰ বয়সৰ ল'ৰা ছোৱালী সকলোকে প্ৰশিক্ষাৰ্থীকে প্ৰশিক্ষণ দিব জিলাখনৰ স্থানীয় প্ৰশিক্ষক , জেষ্ঠ খেলুৱৈকে ধৰি কেইবাজনো ৰাষ্ট্ৰীয় প্ৰশিক্ষকে।

আজিৰ সংবাদমেলত বদৌচা স্পৰ্টছ ক্লাবৰ সম্পাদক জয়ন্ত দাহাটীয়া, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকে ধৰি জীৱন বৰুৱাকে ধৰি বহুতো ব্যক্তি উপস্থিত থাকে । বিগত সময়ছোৱাত বদৌচা স্পৰ্টছ ক্লাবে ক্ৰীড়া জগত খনত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে । ছাত্ৰ ছাত্ৰী সকলৰ ক্ৰীড়া ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।