খেলৰ পৃথিৱী

ছুপাৰ ছিৰিজ টেনিছ(Tennis) আৰম্ভ

এক জিলিকি থকা মুকলি সভাত অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী সঞ্চালক অতীন্দ্ৰ ৰয়চৌধুৰীয়ে খেলুৱৈ আৰু অভিভাৱকৰ বৃহৎ সমাৱেশৰ উপস্থিতিত প্ৰতিযোগিতাখন উদ্বোধন কৰে।

Sentinel Digital Desk

গুৱাহাটী,( GUWAHAT)৫ ছেপ্টেম্বৰঃ চাচলৰ সদৌ অসম টেনিছ এছ'চিয়েশ্যন কমপ্লেক্সত আজি আৰম্ভ হ'ল অইল-আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতা। এক জিলিকি থকা মুকলি সভাত অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী সঞ্চালক অতীন্দ্ৰ ৰয়চৌধুৰীয়ে খেলুৱৈ আৰু অভিভাৱকৰ বৃহৎ সমাৱেশৰ উপস্থিতিত প্ৰতিযোগিতাখন উদ্বোধন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১৩৫ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।