খেলৰ পৃথিৱী

বিশ্বকাপৰ ছেমি-ফাইনেল ২০১৯ : টছত জিকি নিউজিলেণ্ডৰ বেটিঙৰ সিদ্ধান্ত

Sentinel Digital Desk

আজি বিশ্বকাপ মহাৰনৰ ছেমি- ফাইনেল। ছেমি ফাইনেলৰ পূৰ্বে আকাশ মেঘাচন্ন হোৱা পৰিলক্ষিত হৈছে । টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় নিউজীলেণ্ডে। বৰ্তমানলৈকে নিউজিলেণ্ডে ২ টা উইকেট হেৰুৱাই ৩০ .১ অভাৰত ১১৭ ৰান কৰিবলৈ সক্ষম হৈছে। আজিৰ খেল খনক লৈ ক্ৰিকেট অনুৰাগী সকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । বৰ্তমানলৈ বৰষুণ হোৱা নাই যদিও বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

আজি ভাৰতীয় দলৰ প্লেয়িং ইলেভেনত আছে অধিনায়ক বিৰাট কোহলী , জছপ্ৰীত বুমৰাহ, য়ুজৱেন্দ্ৰ চহল, এম এছ ধোনী, ৰবীন্দ্ৰ জাদেজা, কেদাৰ যাদৱ, দীনেশ কাৰ্তিক, ভুবনেশ্বৰ কুমাৰ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত, কে এল ৰাহুল, মহম্মদ ছামী, মায়াংক আগৰৱাল, ৰোহিত শৰ্মা আৰু কুলদীপ যাদৱ।

প্ৰথমখন ছেমি ফাইনেলত সন্মুখ সমৰত অৱতীৰ্ণ হৈছে পইণ্ট তালিকাৰ শীৰ্ষত থকা ভাৰত আৰু চতুৰ্থ স্থানত থকা নিউজীলেণ্ড।যদি খেল খন বৰষুণৰ বাবে স্তগিত হয় দুয়োটা দলে প্ৰত্যেকেই এক এক পইন্ট ভগাই লব । ভাৰতে ১৫ পইণ্টেৰে তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে নিউজীলেণ্ডৰ পইণ্ট ১১।

ইফালে, নিউজীলেণ্ড দলটোত আছে অধিনায়ক কেন উইলিয়ামছন , টম ব্লণ্ডেল, ট্ৰেণ্ট ব’ল্ট, কলিন ডি গ্ৰেণ্ডহোম, লোকি ফৰ্গুছন, মাৰ্টিন গপতিল, মেট হেনৰী, টম লেথম, কলিন মনৰো, জিমি নীশম, হেনৰী নিকোলছ, মিছেল ছেণ্টনৰ, ঈশ ছোৰী, টিম ছউদী আৰু ৰছ টেলাৰ।বৰষুণ দিয়াৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞানে । বিশ্ব কাপৰ ছেমি ফাইনেলৰ বাবে উৎফুল্লি হৈ আছে ক্ৰিকেট অনুৰাগী সকল ।