খেলৰ পৃথিৱী

অভিষেক টেষ্টত শতক অৰ্জন পৃথিৱী শ্ব'ৰ

Sentinel Digital Desk

ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এচচিয়েচন ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ ভাৰত আৰু ৱেষ্ট-ইণ্ডিজৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথম খন মেচত অভিষেকতে শতক অৰ্জন কৰি অভিলেখ ৰচনা কৰিছে পৃথিৱী শ্ব'য়ে। ১৫৪ তা বলত ১৩৪ ৰান কৰি আউট হয় শ্ব'।

১৮ বছৰীয়া মুম্বাইৰ বেটছমেন গৰাকীয়ে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰৰ পাছত কম বয়সীয়া খেলুৱৈ হিচাপে প্ৰথম টেষ্টতে শতক অৰ্জন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।১৯৯০ চনত টেণ্ডুলকাৰে ইংলেণ্ডৰ বিৰুদ্ধে ১৭ বছৰ বয়সতে শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।