খেলৰ পৃথিৱী

অষ্ট্ৰেলিয়াৰ সৈতে ড্ৰ খেলিলে ডেনমাৰ্কে

Sentinel Digital Desk

গ্ৰুপ চি'ৰ এখন গুৰুত্বপূৰ্ণ খেলত বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ সৈতে ১-১ ড্ৰ খেলি পইন্ট ভগাই ললে ডেনমাৰ্কে।অষ্ট্ৰলিয়া প্ৰথম খন খেলত ফ্ৰান্সৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বিপৰীতে ডেনমাৰ্কে পেৰুক পৰাস্ত কৰে।মাত্ৰ ৭ মিনিটতে খ্ৰীষ্টিয়ান এৰিকচনে গ'ল কৰি ডেনমাৰ্কক অগ্ৰগতি প্ৰদান কৰে।৩৮ মিনিটত ডেনমাৰ্কৰ ডিফেন্ডাৰ য়ুচুফ পলচেনে বক্সৰ ভিতৰত ফাউল কৰাত পেনাল্টিৰ সুযোগত অধিনায়ক মাইল জেদিনাকে গ'ল কৰি অষ্ট্ৰিলিয়াৰ হৈ সমতা স্থাপন কৰে।