খেলৰ পৃথিৱী

আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয় এদিনীয়া

Sentinel Digital Desk

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া শৃংখলাৰ খন দ্বিতীয় এদিনীয়া খেল আজি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত হ’ব । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া মেচত ভাৰতে সহজে পৰাস্ত কৰিছিল কেৰিবিয়ান বাহিনীক । ৫ খনীয়া এদিনীয়া শৃংখলাত ১-০ ব্যৱধানত আগবাঢ়ি আছে কোহলী বাহিনী ।গুৱাহাটী অনুষ্ঠিত হোৱা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথম খন খেলত ভাৰতে আলহী দলটোক ৮ উইকেটত সহজে পৰাস্ত কৰিছিল ।

ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে টছত জয়ী হৈ কেৰিবিয়ান বাহিনীক বেটিংৰ বাবে আমন্ত্ৰন কৰিছিল । ৱেষ্ট ইণ্ডিজে চিমৰন হেটম্যাৰৰ শতক আৰু কিৰন পাৱেলৰ অৰ্ধশতকৰ সহায়ত নিৰ্ধাৰিত ৫০ অভাৰত ৩২২ ৰান কৰিবলৈ সক্ষম হৈছিল । ঘৰুৱা দৰ্শকৰ সন্মূখত ৩২৩ ৰানৰ বিশাল লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা টিম ইণ্ডিয়াই আৰম্ভনিতে অপেনাৰ শিখৰ ধাৱানৰ উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও কোহলী আৰু ৰোহিত শৰ্মাৰ শতকেৰে বিজয় লক্ষ্যত উপনিত হবলৈ সক্ষম হৈছিল । কোহলীয়ে ১৪০ ৰান কৰি আউট হয় যদিও ৰোহিতে অপৰাজিত ১৫২ ৰানৰ সহায়ত ৪৭ টা বল বাকী থকা অৱস্থাতে ভাৰতীয় দলক বিজয় লক্ষ্যত উপনিত কৰাবলৈ সক্ষম হৈছিল । বিশ্ব শ্ৰেষ্ঠ টিম ইণ্ডিয়াৰ বেটিং লাইন আপৰ সন্মূখত কেৰিবিয়ান দলটোৰ সকলো বলাৰ চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছিল । উক্ত খেল খনতে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল উইকেট কিপাৰ বেটচমেন ৰিচভ পন্টৰ ।

বিশাখাপট্টনমৰ ষ্টেডিয়াম খনত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মিষ্টাৰ কুল মহেন্দ্ৰ সিং ধোনীৰ বাবে অতি গুৰুত্বপূৰ্ণ ষ্টেডিয়াম হিচাপে বিবেচিত হৈছে। তেওঁ এদিনীয়া ক্ৰিকেটৰ প্ৰথম শতকটো এইখন ষ্টেডিয়ামটে কৰিবলৈ সক্ষম হৈছে। ২০০৫ চনত পাকিস্তানৰ বিৰুদ্ধে ১৪৮ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল।সেই ইনিংছটোৰ পাছতে ধোনীয়ে ভাৰতীয় দলত খোপনি পুতিবলৈ সক্ষম হৈছিল । এই ষ্টেডিয়ামত ধোনীয়ে চাৰি বাৰ বেটিং কৰি গড়ে প্ৰায় ৮০ ৰানকৈ ২৫০ ৰান কৰিবলৈ সক্ষম হৈছে।

আজি খেলখন ভাৰতীয় দলৰ বাবে ঐতিহাসিক মেচ হিচাপে বিবেচিত হৈছে কিয়নো আজি দলটো ৯৫০ সংখ্যক এদিনীয়া মেচত অৱতীৰ্ণ হব ।কোনো দলেই ইমান সংখ্যক এদিনীয়া মেচত অৱতীৰ্ণ হোৱা নাই। দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়া দলে ৯১৬ খন আৰু তৃতীয় স্থানত থকা পাকিস্তান দলে ৮৯৯ খন মেচ খেলিছে ।

ভাৰতীয় অধিনায়ক বিৰাট কোহলীক ১০০০০ ক্লাৱত প্ৰৱেশ কৰিবলৈ মাত্ৰ ৮১ ৰানৰ প্ৰয়োজন। যদি আজি সাপ্ৰীতিক সময়ৰ বিশ্ব ক্ৰিকেটত শ্ৰেষ্ঠ খেলুৱৈ জনে এই সন্মানীয় ক্লাৱত প্ৰৱেশ কৰিব পাৰে তেতিয়া দ্ৰুতগতিত প্ৰৱেশ কৰা খেলুৱৈ হিচাপে পৰিনিত হব।এই ৰেকৰ্ড ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ নামত আছে।তেওঁ ২৫৯ ইনিংছ খেলি এই সন্মানীয় ক্লাৱত প্ৰৱেশ কৰিছিল।