খেলৰ পৃথিৱী

উৰুগুৱেক পৰাস্ত কৰি ফ্ৰান্স ছেমিফাইনেলত

Sentinel Digital Desk

নিজনি নভগোড ষ্ট্ৰেডিয়ামত শুকুৰবাৰে অনুস্থিত হোৱা প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ১৯৯৮ চনৰ চেম্পিয়ন ফ্ৰান্সে দুবাৰৰ বিজয়ী উৰুগুৱেক ২-০ গ'লত পৰাস্ত কৰি প্ৰথমটো দল হিচাপে ছেমিফাইনেলত প্ৰৱেশ কৰিছে।৪০ মিনিটত তাৰকা এন্টনি গ্ৰিজমানে মৰা ফ্ৰি-কিকক দৰ্শনীয় হেডেৰে গ'ল কৰি ফৰাচী দলটোক ১-০ অগ্ৰগতি প্ৰদান কৰে ডিফেন্ডাৰ আৰ ভাৰানেই।৬১ মিনিটত গ্ৰিজমানে দূৰৰ পৰা আৰু এটা গ'ল কৰি ফ্ৰান্সৰ বিজয় নিশ্চিত কৰে।আঘাত প্ৰাপ্ত এডিনচন কাভানিৰ অনুপস্থিতিত লুইজ চুৱাৰেজে কোনোধৰনৰ প্ৰভাৱ পেলাব নোৱাৰিলে ফ্ৰান্সৰ ৰক্ষনবিভাগত।