বাৰ্চিলোনাৰ ফৰৱাৰ্ড লুইচ চুৱাৰেজৰ দুদান্ত গ'লৰ সহায়ত বুধবাৰে গ্ৰুপ এ'ৰ এখন খেলত দুবাৰৰ বিশ্বকাপ বিজয়ী দেশ উৰুগুৱেয়ে এচিয়াৰ দল চৌদি আৰবক ১-০ পৰাস্ত কৰে।খেলৰ ২৩ মিনিটত চুৱাৰেজে গ'ল দি দলক অগ্ৰগতি দিয়াই নহয়, দলক বিজয়ো প্ৰদান কৰে।চৌদি আৰবেও সুন্দৰ খেল প্ৰদৰ্শন কৰে যদিও সমতা স্থাপন কৰাত ব্যৰ্থ হয়।