খেলৰ পৃথিৱী

এছিয়ান গেমছত ভাৰতলৈ আৰু এটা স্বৰ্ণ পদক

Sentinel Digital Desk

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা এছিয়ান গেমছত দেশৰ হৈ স্বৰ্ণ পদক জয় কৰিলে উত্তৰ প্ৰদেশৰ ১৬ বছৰীয়া সৌৰভ চৌধুৰীয়ে। শ্বুটিঙৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।বজৰং পুনিয়া, ভিনেশ ফগতৰ পাছত তৃতীয়টো স্বৰ্ণ জয় কৰিলে সৌৰভ চৌধুৰীয়ে।একে শাখাতে অভিষেক বাৰ্মাই দখল কৰে ব্ৰঞ্জৰ পদক।স্বৰ্ণ পদক জয়ৰ পাছতে উত্তৰ প্ৰদেশ চৰকাৰে সৌৰভলৈ ৫০ লাখ টকাৰ লগতে চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।এতিয়ালৈ ভাৰতে ৩ টা স্বৰ্ণ, ৩ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে সপ্তম স্থান অধিকাৰ কৰিছে।প্ৰথম তিনিটা স্থানত আছে ক্ৰমে চীন, জাপান আৰু কোৰিয়াই।