খেলৰ পৃথিৱী

এছিয়ান গেমছত ভাৰতলৈ আৰু দুটা স্বৰ্ণ পদক

Sentinel Digital Desk

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা এছিয়ান গেমছত ভাৰতৰ পদক তালিকাত আৰু দুটা স্বৰ্ণ পদক সংযোজন হৈছে।হেপ্তাথলনত স্বপ্না বৰ্মনে স্বৰ্ণ পদক জয় কৰা বিপৰীতে ট্ৰিপল জাম্পত অৰ্পিন্দৰ সিঙে স্বৰ্ণ পদক জয় কৰে।স্বপ্না বৰ্মনে ২:২১:১৩ ছেকেণ্ডেৰে হেপ্তাথলনত স্বৰ্ণ পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস গঢ়ে।৪৮ বছৰৰ পাছত ১৬.৭৭ মিটাৰ জপিয়াই অভিলেখ ৰচে অৰ্পিন্দৰে।ভাৰতৰ খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি দুটি চাণ্ডে ২০০ মিটাৰত ৰূপৰ পদক জয় কৰে।এতিয়ালৈ ভাৰতে ১১ টা স্বৰ্ণ পদক ২০ টা ৰূপৰ পদক সহ মুঠ ৫৪ টা পদকেৰে নৱম স্থান অধিকাৰ কৰিছে।