খেলৰ পৃথিৱী

‘এডিডাছ’ৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি হিমা দাসক

Sentinel Digital Desk

বিশ্ব বিখ্যাত খেলৰ সামগ্ৰী প্ৰস্তুতকাৰী প্ৰতিস্থান ‘এডিডাছ’ৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি লাভ কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে। জাৰ্মান স্প’ৰ্টছ ব্ৰেণ্ড ‘এডিডাছ’ৰ ভাৰতীয় শাখাৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ঘোষণা কৰা হৈছে হিমাৰ নাম।

ইতিমধ্যে হিমা দাসৰ নাম কেন্দ্ৰীয় ক্ৰিয়া মন্ত্ৰালয়ে অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিছে।ধিং এক্সপ্ৰেছ হিচাপে খ্যাত অসম কন্যা হিমা দাসৰ সাফল্যত অসমৰ লগতে সমগ্ৰ দেশবাসীয়ে গৰ্বিত অনুভৱ কৰিছে।

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা ১৮ সংখ্যক এছিয়ান গেমছত মহিলাৰ ৪x৪০০ মিটাৰ ৰিলেত হিমাই স্বৰ্ণ পদকৰ লগতে দুটাকৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এছিয়ান গেমছত তিনিটাকৈ পদক জয় কৰা প্ৰথম গৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰে হিমাই।

ইয়াৰ আগতে হিমাই ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে বিশ্ব ২০ বছৰ অনূৰ্ধ এথেলেটিকচ চেম্পিয়নশ্বিপত ইতিহাস ৰচি স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল।