খেলৰ পৃথিৱী

কে এছ আজিমন : ৪x৪০০ মিটাৰ ৰেলিত স্বৰ্ণ জয়ৰ আৰৰ প্ৰশিক্ষকজন

Sentinel Digital Desk

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ যোৱা ১৮সংখ্যক এছিয়ান গেমছত ৪×৪০০ মিটাৰ মহিলা ৰেলীত স্বৰ্ণ ভাৰতীয় দলটোৱে স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচনা কৰিছিল।ভাৰতীয় দলটোত আছিল হিমা দাস, পুভম্মা ৰাজু মাচেত্তিৰা,সৰিতাবেন লক্ষ্মণভাই গায়কোৱাড আৰু বিস্ময়া ভেল্লুয়া কৰথ।

ভাৰতৰ এই স্বৰ্ণ জয়ৰ পাছতে পোহৰলৈ আহিছে এগৰাকী প্ৰশিক্ষকৰ অবিৰাম প্ৰচেষ্ঠা কথা।যাৰ নেৰানেপেৰা প্ৰচেষ্ঠাৰ ফলতে আজি ভাৰতীয় মহিলা দলটোয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।আজি সকলোতে চৰ্চাৰ কাৰন হৈ পৰিছে কে এছ আজিমল নামৰ বিশেষ প্ৰশিক্ষক গৰাকী।