খেলৰ পৃথিৱী

কেৰালাৰ সৈতে ড্ৰ খেলি পইন্ট ভগাই ললে মুম্বাই চিটিয়ে

Sentinel Digital Desk

ভাৰতৰ ব্যয়বহুল ফুটবল প্ৰতিযোগিতাৰ ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আইএছএলত কালি কেৰালাৰ কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কেৰালা ব্লাষ্টাৰচ আৰু মুম্বাই চিটিৰ মাজত অনুস্থিত খেলখন ১-১ ব্যৱধানত ড্ৰ হিচাপে অন্ত পৰে।

কালিৰ খেলখন অসমৰ ফুটবল ইতিহাসৰ গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হল। কেৰালাৰ ব্লাষ্টাৰচক হৈ ২৪ মিনিটত দৰ্শনীয় গ'লেৰে অগ্ৰগতি প্ৰদান কৰে অসমৰ হলিচৰন নাৰ্জাৰীয়ে। কেৰালা দলটো নিশ্চিত বিজয়ৰ দিশে আগবাঢ়োতেই ৯৩ মিনিটত মুম্বাইৰ হৈ সমতা স্থাপন কৰে অসমৰে প্ৰাঞ্জন ভূমিজে।

দোয়োটা দলেই সুন্দৰ খেল প্ৰদৰ্শন কৰি অনুৰাগী সকলৰ মন জয় কৰিবলৈ সক্ষম হয়। আজি চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত চেন্নায়ান এফ চি আৰু এফ চি গোৱাৰ মাজত অনুস্থিত হব।