খেলৰ পৃথিৱী

গ'ল শূন্য ভাৱে অন্ত পৰিল ভাৰত চীনৰ ফুটবল খেল

Sentinel Digital Desk

সূদীৰ্ঘ ২১ বছৰৰ পাছত ফুটবলত মুখামুখি হোৱা হোৱা ভাৰত চীনৰ ফুটবল খেলখন গ'ল শূন্য ভাৱে অন্ত পৰে । বহু প্ৰতীক্ষীত বন্ধুত্বপূৰ্ণ এই খেলখন অনুষ্ঠিত হৈছিল চীনৰ ছুঝ'উত।

এতিয়ালৈকে ভাৰত চীনে ১৮ বাৰ মুখামুখি হৈছে । ১৮ বাৰৰ ১২ খনতেই চীনে জয়ৰ মুখ দেখিছে আৰু ৬ খন মেচ ড্ৰৰে পৰিসমাপ্তি ঘটিছে।ভাৰতীয় দলটিত আজিৰ খেল খনত অধিয়াকত্ব কৰে সন্দেশ জিংঘনে । খেলৰ অতিৰিক্ত সময়ত ভাৰতীয় দলটিয়ে গ'ল কৰাৰ সুযোগ পাইয়ো ব্যৰ্থ হৈ ড্ৰ হিচাপে খেলখনৰ সমাপ্তি ঘটে ।দুয়োটা দলেই সুন্দৰ খেলেৰে এখন অতি উৰ্ত্তেজনাপূৰ্ণ খেল দৰ্শকক প্ৰদান কৰে।