খেলৰ পৃথিৱী

জামচেদপুৰৰ সৈতে ড্ৰ খেলিলে বাংগালোৰে

Sentinel Digital Desk

শক্তিশালী বাংগালোৰ এফ চি দলক ঘৰুৱা মাটিত ড্ৰ খেলিবলৈ বাধ্য কৰালে জামচেদপুৰ এফ চিয়ে। ভাৰতীয় জাতীয় দলৰ অধিনায়ক সুনীল চেত্ৰী উপস্থিতিত ঘৰুৱা দৰ্শকৰ সন্মূখত ফেভাৰেট হিচাপেই অৱতীৰ্ণ হৈছিল যদিও জামছেদপুৰে ড্ৰ খেলিবলৈ বাধ্য কৰে।

প্ৰথম অৰ্ধ গ'ল শূণ্য ভাৱে অন্ত পৰিবলৈ লওতেই ৪৫ মিনিটত নিচু কুমাৰে সুন্দৰ গ'লেৰে বাংগালোৰক অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয় অৰ্ধত দুয়োতা দলেই অাক্ৰমনত্বক খেল প্ৰদৰ্শন কৰে।খেলৰ ৮১ মিনিটত গৌৰৱ মুখিয়ে জামচেদপুৰৰ হৈ সমতা স্থাপন কৰে।

৮৮ মিনিটত অধিনায়ক সুনীল চেত্ৰীয়ে দৰ্শনীয় হেডেৰে আকৌ অগ্ৰগতি প্ৰদান কৰে। নিশ্চিত বিজয়ৰ দিশে বাংগালোৰ আগৱাঢ়োতেই ৯৪ মিনিটত জামছেদপুৰৰ চাৰ্জিঅ' কিডনছাই সুন্দৰ গ'ল প্ৰদান কৰি বাংগালোৰৰ আশাত চেচাঁপানী ঢালে। দুয়োটা দলেই সুন্দৰ খেলেৰে এখন অতি উৰ্ত্তেজনাপূৰ্ণ খেল দৰ্শকক প্ৰদান কৰে।