খেলৰ পৃথিৱী

টাইবেকাৰত কলম্বিয়াক পৰাস্ত কৰি কোৱাৰ্টাৰত ইংলেন্ড

Sentinel Digital Desk

স্পাৰ্টাক ষ্ট্ৰেডিয়ামত মঙলবাৰে নিশা অনুস্থিত হোৱা অন্তিমখন প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইংলেন্ডে কলম্বিয়াক টাইবেকাৰত ৪-৩ গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে।গ'লশূন্যভাৱে প্ৰথম অৰ্ধ শেষ হোৱা পাছত ৫৭ মিনিটত ইংলেন্ডৰ অধিনায়ক হেৰি কেনক কলম্বিয়াৰ ডিফেন্ডাৰ কাৰ্লচ চানচেজে বক্সৰ ভিতৰত বাধা দিবলৈ গৈ ফাউল হোৱাত ইংলেন্ডে পেনাল্টিৰ সুযোগ লাভ কৰে।হেৰি কেনে পেনাল্টি কাৰ্য্যকাৰী কৰি ইংলেন্ডক ১-০ অগ্ৰগতি প্ৰদান কৰে।ইংলেন্ড নিশ্চিত বিজয়ৰ দিশে আগবঢ়োতেই অতিৰিক্ত সময় অৰ্থাৎ ৯৩ মিনিটত য়েৰি মিনাই দৰ্শনীয় হেডেৰে কলম্বিয়াৰ হৈ সমতা স্থাপন।কৰে।গ'লশূন্যভাৱে খেলখন অন্ত পৰাত ৰেফাৰিয়ে টাইবেকাৰৰ সহায় লয়।টাইবেকাৰত ইংলেন্ডে ৪-৩ গ'লত বিজয় লাভ কৰে।ইংলেন্ডে কোৱাৰ্টাৰত চুইডেনৰ মুখামুখি হব।