খেলৰ পৃথিৱী

দুলীয়াজানত আন্তঃ মহাবিদ্যালয় ছোৱালী ফুটবল প্ৰতিযোগিতা আৰম্ভ

Sentinel Digital Desk

দুলীয়াজান মহাবিদ্যালয় খেল পথাৰত আজিৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মহাবিদ্যালয় সমূহৰ ছোৱালী ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে ।মুঠ আঠ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত ডিব্ৰুগড় বিশ্ববিদ্যালয়, খোৱাং মহাবিদ্যালয়, মৰাণ ছোৱালী মহাবিদ্যালয়, নাহৰকটিয়া মহাবিদ্যালয়, আমগুৰি মহাবিদ্যালয়, দুলীয়াজান মহাবিদ্যালয় আৰু লাহোৱাল মহাবিদ্যালয় সমূহৰ ছোৱালী ফুটবল দলে অংশগ্ৰহণ কৰিছে ।ইয়াৰে প্ৰথমখন খেল খোৱাং মহাবিদ্যালযে বৰহাত মহাবিদ্যালয়ৰ সৈতে অৱৰ্তিন হয় ।অহা ২৫ ছেপ্টেম্বৰৰ দিনা চূড়ান্ত খেলখন অনুষ্ঠিত হব বুলি জানিবলৈ দিছে মহাবিদ্যালয় খনৰ অধৈক্ষ গৰাকীয়ে ।