খেলৰ পৃথিৱী

পেছাদাৰী ফুটবলটো দূৰ্দান্ত প্ৰদৰ্শন দৌৰবিদ উছেইন ব'ল্টৰ

Sentinel Digital Desk

ট্ৰেক এণ্ড ফিল্ডৰ পৰা এইবাৰ ফুটবল যাত্ৰাৰ সুন্দৰ আৰম্ভণি বিশ্বৰ শ্ৰেষ্ঠ স্প্ৰিন্টাৰ উছেইন ব'ল্টৰ । পেছাদাৰী ফুটবলৰ অভিষেকতে দুগ'ল দি উজ্জ্বলিল জামাইকাৰ উছেইন ব'ল্ট। ট্ৰেকৰ পৰা অৱসৰ গ্ৰহণ কৰি প্ৰাক্তন তাৰকা স্প্ৰিন্টাৰ গৰাকীয়ে চেন্ট্ৰল ক'ষ্ট মেৰিনাৰ্ছৰ হৈ খেলি পেছাদাৰী ফুটবলত সুন্দৰ অভিষেক ঘটায়। ১০০ মিটাৰ দৌৰত বিশ্ব অভিলেখ গঢ়া দৌৰবিদ গৰাকীয়ে শুক্ৰবাৰে ছিডনীত মেকাৰ্থুৰ ছাউথ ৱেষ্ট ইউনাইটেডৰ বিপক্ষে খেলা বন্ধুত্বপূৰ্ণ মেচখনত দুটাকৈ গ'ল দি চমক সৃষ্টি কৰিবলৈ সক্ষম হয়। খেলখনত বল্টৰ দুটা গ'লৰ সহায়ত ৪-০ গ'লৰ ব্যৱধানত ক'ষ্ট মাৰিনাৰ্ছ ক্লাৱ।উল্লেখযোগ্য যে , অলিম্পিকত ৮ বাৰকৈ স্বৰ্ণজয়ী উছেইন বল্টে ২০১৭ চনত ট্ৰেক এণ্ড ফিল্ডৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে দৌৰবিদ উছেইন বল্টক পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰে।