খেলৰ পৃথিৱী

বিশ্বকাপ ফুটবল ২০১৮,দল বিশ্লেষণ,গ্ৰুপ : C

Sentinel Digital Desk

ফ্ৰান্স

শ্ৰেষ্ঠ বিশ্বকাপ: বিজয়ী (১৯৯৮)

কেনেদৰে যোগ্যতা অৰ্জন কৰিছিল: যদিও চুইডেনৰ লগত হাৰিছিল কিন্তু লুকজেমবাৰ্গৰ লগত গ'ল বিহীন ড্ৰ খেলি অৱশেষত যোগ্যতা অৰ্জন কৰিছিল।

কি আশা কৰিব পাৰি: এটা অতি কঠিন প্ৰশ্ন। কাগজে পত্ৰই ফ্ৰান্স ও আন আন প্ৰধান প্ৰতিযোগীসকলৰ সমানে খিতাপৰ দাবীদাৰ। কিন্তু, খেলপথাৰত লেচ ব্লুচৰ তেঁওলোকৰ বিষয়ে কৰা পূৰ্বাভাষ অনুসৰি ফলাফল দেখুৱাব নোৱাৰা এটা অভ্যাস আছে। সেয়েহে জাৰ্মানী, স্পেইন আৰু ব্ৰাজিলৰ তলতে থাকি গৈছে।

তাৰকা কোন: এই টুৰ্নামেন্টখনত পল প'গবা আৰু কেলিয়ান এমবাপ্পে দুয়োজনে নিজকে বিশ্বমানৰ তাৰকা হিচাপে পৰিচিত কৰিব পাৰে।

সফলতা কেনেধৰণৰ: ফ্ৰান্সে সম্ভৱত বিশ্বকাপ জিকিব পাৰে আৰু জিকা উচিত কিন্তু প্ৰশিক্ষক ডিডিয়াৰ ডেচচেম্পচৰৱ যোগ্যতাৰ ওপৰতহে সন্দেহ কৰা হৈছে।

পেৰু

শ্ৰেষ্ঠ বিশ্বকাপ: কোৱাৰ্টাৰ ফাইনেল (১৯৭০)

কেনেদৰে যোগ্যতা অৰ্জন কৰিছিল: দক্ষিণ আফ্ৰিকাত হোৱাত হোৱা কোৱালিফাইঙত নিউজিলেণ্ডৰ বিপক্ষে প্ৰত্যক্ষ বিজয়ৰ সহায়ত ৩৬ বছৰৰ পিছত বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰে।

কি আশা কৰিব পাৰি: যিহেতু কোনোৱে পেৰুক বিগত সময়ত বিশ্বকাপ খেলা দেখা নাই গতিকে এইটো আশা কৰা কঠিন।কিন্তু দলটোৱে ২০১৫ আৰু ২০১৬ চনত ক’পা আমেৰিকাত আৰ্শ্বয্য জনক খেল প্ৰদৰ্শন কৰিছিল।

তাৰকা কোন: পাওলো গ্যুৰেৰোৰ এবাৰ অহা আৰু এবাৰ যোৱা লগতে ড্ৰাগ টেষ্টত বিফল হোৱাত নিষিদ্ধ হৈ পুনৰ দললে ঘুৰি আহে। তেওঁৰ আগমনে দলত আনন্দময় পৰিবেশৰ সৃষ্টি কৰে।

সফতলতা কেনেধৰণৰ: গ্ৰুপৰ পৰা বাহিৰ হোৱাটোৱে উৎযাপন কাৰণ হ’ব পাৰে।

ডেনমাৰ্ক

শ্ৰেষ্ঠ বিশ্বকাপ: কোৱাৰ্টাৰ ফাইনেল (১৯৯৮)

কিদৰে যোগ্যতা অৰ্জন কৰিছিল: UEFA গ্ৰুপত পোলেণ্ডৰ লগত হাৰি ডেনমাৰ্কে আয়াৰলেণ্ডক ৫-১ ত হৰুৱাই ৰাচিয়ালৈ যোগ্যতা অৰ্জন কৰে।

কি আশা কৰিব পাৰি: এইটো নিৰ্ভৰ কৰিব খ্ৰীষ্টিয়ান এৰিকচানৰ ওপৰত,যোনে আইৰিচৰ বিপৰীতে হেৰ্ট্ৰিক কৰিছিল আৰু যোন দেশখনৰ একমাত্ৰ তাৰকা। তেওঁৰ লগতে পায়োন চিষ্টো আৰু য়ুছুফ প’লছেনৰ নিচিনা উঠি অহা খেলুৱৈ ও আছে।

তাৰকা কোন: ২৬ বছৰ বয়সতে যথেষ্ট অভিজ্ঞতা থকা এচৰিকচান ইউৰোপৰ এজন দক্ষ খেলুৱৈ হিচাপে জনাজাত হৈছে।

সফলতা কেনেধৰনৰ: পেৰু আৰু অষ্ট্ৰেলিয়াক হৰুৱাই শেষৰ ১৬ ত জেগা পোৱাটো লক্ষ্য।

অষ্ট্ৰেলিয়া

শ্ৰেষ্ঠ বিশ্বকাপ: ৰাউণ্ড ১৬ (২০০৬)

কিদৰে যোগ্যতা অৰ্জন কৰিছিল: একেলেথাৰিয়ে বহুত কেইখন ড্ৰ খেলি অষ্ট্ৰেলিয়াৰ স্বয়ংক্ৰিয় যোগ্যতা লাভৰ আশা নাইকিয়া হৈছিল, পিছত ছিৰিয়া আৰু হোণ্ডোৰাচক প্লে অফত হৰুৱাই ৰাচিয়ালৈ যোগ্যতা লাভ কৰিছিল।

কি আশা কৰিব পাৰি: বাৰ্ট ভান মাৰৱিক, যোনে ২০১০ ত নেডাৰলেণ্ডচক ফাইনেলত গাইড কৰিছিল, তেওঁৰ নিয়োগে আশা বঢ়াইছে যদিও অষ্ট্ৰেলিয়াৰ কোনো দক্ষ্য খেলুৱৈ নাই।গতিকে সকলো ভৰসা সংগঠন, উদ্যম আৰু টিম চাহিল্ল’ৰ ওপৰত।

তাৰকা কোন: যদিও দলটোৰ কোনো তাৰকা খেলুৱৈ নাই, আৰণ ময় আৰু ডেনিয়েল আৰযানিৰ ওপৰত সকলো আশা।

সফলতা কেনেধৰণৰ:: আশা ক্ষীণ, কিন্তু ড্ৰ মানে তেওঁলোকে এতিয়াও গ্ৰুপৰ পৰা

ওলোৱা নাই। চাহিলে যদি ব্ৰাজিলৰ নিচিনা এটা গ’ল দিয়ে তেনেহ’লে এখন ভাল খেল আশা কৰিব পাৰি।