খেলৰ পৃথিৱী

ভাৰতলৈ আৰু এটা স্বৰ্ণ পদক

Sentinel Digital Desk

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা ১৮ সংখ্যক এছিয়ান গেমছত ভাৰতৰ হৈ অষ্টমটো স্বৰ্ণপদক জয় কৰিছে নীৰজ চোপ্ৰাই। জেভলিন থ্ৰ’ত ৮৮.০৬ মিটাৰ দলিয়াই স্বৰ্ণ পদক জয় কৰে চোপ্ৰাই।কমনৱেলথ গেমছতো নীৰজ চোপ্ৰাই স্বৰ্ণ পদক জয় কৰিছিল। এইপৰ্যন্ত চলিত এছিয়ান গেমছত ভাৰতে ৮টা স্বৰ্ণ পদক, ১১টা ৰূপৰ পদক ৩৯টা পদক দখল কৰিছে।নীৰজ চোপ্ৰাক ইতিমধ্যে সমগ্ৰ দেশবাসীয়ে অভিনন্দন জনাইছে।