খেলৰ পৃথিৱী

স্বটপুটত স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচিলে তেজিন্দ্ৰৰ সিঙে

Sentinel Digital Desk

এছিয়ান গেমছৰ ৰেকৰ্ড ভংগ কৰি ভাৰতৰ পদক তালিকাত আৰু এটা স্বৰ্ণ পদক সংযোজন কৰিলে তেজিন্দ্ৰৰ সিং টুৰে।ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা ১৮ সংখ্যক এছিয়ান গেমছৰ স্বৰ্টপুটৰ ফাইনেলত ২০.৭৫ মিটাৰ দলিয়াই স্বৰ্ণ পদক আজুৰি আনে।চৌডি আৰবৰ আবৌলমজিদ আলহাৱাচিয়ে ২০১০ চনত গঢ়া এছিয়ান ৰেকৰ্ড ভংগ কৰে।চীনৰ লিউ য়াঙে ১৯.৫২ মিটাৰেৰে দ্বিতীয় আৰু কাজাখস্থানৰ ইভান ইভানভে ১৯.৪০ মিটাৰ দলিয়াই তৃতীয় স্থান অধিকাৰ কৰে।এছিয়ান গেমছৰ ইতিহাসত স্বটপুটত ভাৰতত অষ্টমটো সোনৰ পদক।