ইউনিচেফ ইণ্ডিয়াই স্বৰ্ণ কন্যা হিমা দাসক ভাৰতৰ যুৱ এম্বেছেদৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে । তেওঁ এতিয়াৰে পৰা শিশুসকৰ অধিকাৰ, প্ৰয়োজনীয়তাৰ ওপৰত সজাগতাৰ বাবে কাম কৰিব । হিমাই শিশু আৰু যুৱ প্ৰতিভা সকলক নেতৃত্ব প্ৰদান কৰি সমাজৰ উন্নতিৰ বাবে কাম কৰি যাব ।
ইতিমধ্যে ধিং এক্সপ্ৰেছ হিচাপে খ্যাত অসম কন্যা হিমা দাস কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে অৰ্জুন বঁটা প্ৰদান কৰিছে । ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুস্থিত হৈ থকা ১৮ সংখ্যক এছিয়ান গেমছত মহিলাৰ ৪x৪০০ মিটাৰ ৰিলেত হিমাই স্বৰ্ণ পদকৰ লগতে দুটাকৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।
এছিয়ান গেমছত তিনিটাকৈ পদক জয় কৰা প্ৰথম গৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল হিমাই । উল্লেখযোগ্য যে হিমাই ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে বিশ্ব ২০ বছৰ অনূৰ্ধ এথেলেটিকচ চেম্পিয়নশ্বিপত ইতিহাস ৰচি স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হৈছিল ।