খেলৰ পৃথিৱী

ৰঞ্জি ট্ৰফীত অভিযান আৰম্ভ অসমৰ

Sentinel Digital Desk

ঝাৰখণ্ডৰ ৰাচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হোৱা অসম আৰু ঝাৰখণ্ডৰ মাজৰ ৰঞ্জি ট্ৰফীৰ প্ৰথম খন মেচৰ প্ৰথম দিনৰ খেল অন্ত পৰিছে । এলিট গ্ৰুপ চি ৰ প্ৰথম ৰাউণ্ডৰ খেলখনত প্ৰথম দিনৰ বিৰতিত ঘৰুৱা দলটোৱে ছয়টা উইকেট হেৰুৱাই ২৬৬ ৰাণ কৰিবলৈ সক্ষম হয় । নাজিম চিদ্দীকিয়ে ১০৯ টা বলত ১০ টা বাউণ্ডৰীৰ সহায়ত ৭২ ৰাণ কৰিবলৈ সক্ষম হয়। দিনৰ অন্তত উৎকাৰ সিঙে ৬৩ ৰাণ আৰু অনুকূল ৰয়ে ৩৯ ৰাণত অপৰাজিত হৈ ৰয়। আজিৰ খেলখনত কুমাৰ দেৱব্ৰতে ৪৩ ৰাণ কৰে যদিও বাকী সকল বেটচমেনে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ'ল। অসমৰ বলিঙত ৰণজিৎ মালীয়ে সৰ্বাধিক দুটা উইকেট দখল কৰে।