খেলৰ পৃথিৱী

ৰাজকোটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

Sentinel Digital Desk

ৰাজকোটত অনুস্থিত হোৱা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলাৰ প্ৰথম খন খেলত ভাৰতে বৃহৎ বিজয় লাভ কৰিছে।এক ইনিংছ আৰু ২৭২ ৰানৰ ব্যৱধানত ভাৰতে ৱেষ্ট ইণ্ডিজক হৰুৱাবলৈ সক্ষম হয়।

ভাৰতৰ প্ৰথম ইনিংছত ৬৪৯ ৰানৰ প্ৰত্য়ুত্তৰত ৱেষ্ট ইণ্ডিজে ইনিংছ আৰম্ভ কৰি মাত্ৰ ১৮১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ফলত ফলঅ'নৰ সন্মুখীন হৈছে ৱেষ্ট ইণ্ডিজ ।ৱেষ্ট ইণ্ডিজৰ হৈ ৰষ্টন চেছে সৰ্বাধিক ৫৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ শক্তিশালী বলিং বিভাগৰ সন্মুখত মাত্ৰ ৪৮ অভাৰতে অল আউট হয় ৱেষ্ট ইণ্ডিজৰ দলটো। ভাৰতৰ হৈ ৰবীচন্দ্ৰন অশ্বিনে সৰ্বাধিক ৪টা আৰু মহম্মদ ছামিয়ে লাভ কৰে ২টা উইকেট।

৪৬৮ ৰানত পিছ পৰি ৰোৱা ৱেষ্ট ইণ্ডিজে পুনৰ ইনিংছ আৰম্ভ কৰি আকৌ ১৯৬ ৰানত ইনিংছ সামৰি বৃহৎ ব্যৱধানত পৰাজয়বৰণ কৰে । অশ্বিনে আকৌ এবাৰ বিধংসী বলিঙেৰে ৪ টা উইকেট দখল কৰে লগতে কুলদ্বীপ যাদৱে প্ৰথম বাৰৰ বাবে এটা ৫ টা উইকেট দখল কৰিবলৈ সক্ষম হয় । কেৰিবিয়ান বাহিনীৰ অপেনাৰ কিৰন পাৱেলে সৰ্বাধীক ৮৩ ৰান কৰে।

ভাৰতৰ ইনিংছত অধিনায়ক বিৰাট কোহলী, অভিষেক ঘটা পৃথ্বী শ্ব' আৰু ৰবিন্দ্ৰ জাদেজাৰ শতকৰ সহায়ত বৃহৎ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতীয় টেষ্ট ইতিহাসৰ সকলোতকৈ বৃহৎ বিজয় হিচাপে পৰিগনিত হৈছে । অভিষেক মেচতেই শতকীয় ইনিংছ খেলা পৃথ্বী শ্ব'ক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ ঘোষণা কৰা হয় ।