বিবিধ

বৃন্দাবনৰ নিধিভান ৰাজত ভিডিঅ' তুলি গ্ৰেপ্তাৰ দিল্লীৰ ইউটিউবাৰ

প্ৰায় এসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ পবিত্ৰ স্থান "নিধিভান ৰাজ"ত প্ৰবেশ কৰি ভিডিঅ' সংগ্ৰহ কৰে ইউটিউবাৰজনে।

Sentinel Digital Desk

যোৱা দেওবাৰ, ১৪ নৱেম্বৰত দিল্লী আৰক্ষীয়ে এজন টিউবাৰক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি প্ৰায় এসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ পৱিত্ৰ স্থান "নিধিভান"ত প্ৰবেশ কৰি বেআইনী ভিডিঅ' সংগ্ৰহ কৰাৰ দোষত আৰক্ষীয়ে ইউটিউবাৰ গৰাকীৰ বিৰুদ্ধে লৈছে এই পদক্ষেপ।

হিন্দু সকলৰ বিশ্বাস অনুসৰি বৃন্দাবনৰ "নিধিভান" নামৰ এই স্থান খিনি ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ বাসস্থান। য'ত প্ৰত্যেক নিশাই ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা লিপ্ত হয় তেওঁলোকৰ স্বৰ্গীয় নৃত্যত, যাক আপুনি "ৰাসলীলা" হিচাপে নমন কৰোঁ। হিন্দু সকলৰ বাবে এই স্থান স্বৰ্গতুল্য, সেয়ে এই স্থানত সকলো লোকৰ প্ৰবেশ নিষেধ।

এই সন্দৰ্ভত কৰায়ত্ত কৰা অভিযুক্ত গৰাকী গৌৰৱ শৰ্মা, এগৰাকী ইউটিউবাৰ। তেওঁৰ চেনেলৰ নাম হৈছে "গৌৰৱজ'ন"। উত্তৰ প্ৰদেশৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে যে, বৰ্তমান সময়লৈকে অভিযুক্ত গৌৰৱ শৰ্মাক কৰায়ত্ত কৰা হৈছে আৰু এই ভিডিঅ' সংগ্ৰহৰ সময়ত তেওঁৰ সৈতে উপস্থিত থকা তেওঁ সহকাৰী কেইগৰাকীৰ অনুসন্ধান অব্যাহত আছে।

গ্ৰেপ্তাৰিৰ পাছত আৰক্ষীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ যোগে ইউটিউবাৰ গৰাকীয়ে প্ৰকাশ কৰিছে যে যোৱা ৬নৱেম্বৰ তাৰিখে তেওঁ, আৰু তেঁওৰ দুই বন্ধু ক্ৰমে মোহিত আৰু অভিষেক তথা এগৰাকী সম্বন্ধীয় ভাতৃ প্ৰশান্তই মিলি বৃন্দাবনৰ পৱিত্ৰ স্থান "নিধিভাণ"ত প্ৰবেশ কৰি বেআইনী ভিডিঅ' সংগ্ৰহ কৰিছিল।

আৰু যোৱা ৯তাৰিখে নিজৰ ইউটিউব চেনেলৰ যোগে তেওঁ এই ভিডিঅ' সম্প্ৰচাৰ কৰিছিল, কিন্তু হিন্দুৰ পৱিত্ৰ স্থানত এনেধৰণৰ বেআইনী ভিডিঅ' সংগ্ৰহৰ বিৰুদ্ধে বহু কেই গৰাকী পুৰোহিতে মাত মতাৰ পাছতেই তেওঁ এই ভিডিঅ' চেনেলৰ পৰা আঁতৰাই দিছিল।

তথ্য অনুসৰি এগৰাকী পুৰোহিত, নাম ৰহিত গোস্বামী তথা "নিধিভাণ" অন্য এগৰাকী পূজাৰীয়ে, জ্ঞান প্ৰযুক্তিবিদ্যা অধিনিয়মৰ, খণ্ড ৬৬ আৰু আই পি চিৰ খণ্ড ২৯৫এ ত আধাৰ কৰি অভিযুক্ত গৌৰৱ শৰ্মাৰ বিৰুদ্ধে বৃন্দাবন আৰক্ষী থানত গোচৰ ৰুযো কৰিছে।