বিবিধ

পিঠিত জুবিনৰ চিত্ৰ অংকন কৰি ডিব্ৰুগড়ৰ এজন যুৱক

Sentinel Digital Desk

যোৱা কালি, ১৮ নৱেম্বৰ তাৰিখে অসমীয়া জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে উদযাপন কৰে নিজৰ ৪৯সংখ্যক জন্মদিন। এই বিশেষ দিনটোৰ বাবে এদিন পূৰ্বে ৬০০কি: মি: দুৰ ৰাস্তা বাইক চলাই ডিব্ৰুগড় জিলাৰ পৰা আহি গুৱাহাটী মহানগৰীত উপস্থিত হয় এগৰাকী যুৱক, নাম অনুপ চেতিয়া। মেকানিকেল অভিযন্তা গ্ৰেজুৱেট, অনুপে কণ্ঠশিল্পী গৰাকীৰ জন্মদিনৰ বাবে কঢ়িয়াই আনিছিল এক বিশেষ উপহাৰ। এই বিশেষ দিনৰ উপলক্ষে, যুৱক গৰাকীয়ে নিজৰ পিঠিত অংকন কৰাইছিল, কণ্ঠশিল্পী জুবিন গাৰ্গৰ এটি টেটো, য'ত সুস্পষ্ট ভাৱে জিলিকি উঠিছে কণ্ঠশিল্পী গৰাকী মুখ মণ্ডল। অনুপে কয়, "জুবিন গাৰ্গ মোৰ আদৰ্শ, মই তেওঁক অনুসৰণ কৰিবলৈ চেষ্টা কৰোঁ। তেওঁৰ কথা কোৱাৰ ভংগিমা, তেওঁৰ ষ্টাইল, খোজ কাটল সকলো। মই তেওঁক ব্যক্তিগত ভাৱে কেতিয়াও লগ পোৱা নাছিলোঁ, সেয়ে তেওঁক লগ পাব বাবে মোক এটি সুযোগৰ প্ৰয়োজন আছিল। সেয়ে মই এটি টেটো অংকন কৰাৰ কথা ভাবিলো, আৰু এই টেটোয়েই মোক ইয়ালৈ লৈ আহিলে। জুবিন অনুপ্ৰেৰণা দায়ক এখনি নদী সদৃশ, আৰু এনে উচ্চ পদমৰ্যাদাৰ ব্যক্তিয়ে নিশ্চিত ভাৱে মোৰ সম্পূৰ্ণ পিঠিখনতে এটি টেটোৰ স্থান পায়"। জুবিনৰ সম্পূৰ্ণ মুখ মণ্ডল অনুপ পিঠিত অনশন কৰিবৰ বাবে মুখ সময়ৰ প্ৰয়োজন হৈছিল ৮মাহৰ। এই সময়ছোৱাত অনুপ ওপৰমোৱাকৈ শুব পৰা নাছিল। কোনো ধৰণৰ বিষ নিৰ্মূল কৰাৰ ঔষধ গ্ৰহণ নকৰাৰ বাবে অংকন কৰি থকাৰ মাজতে বহু বাৰ জ্ঞান হেৰুৱাই পেলাইছিল অনুপে।

তেওঁ কয়, "জুবিন মোৰ হৃদয়ত থাকে তেওঁক চাবৰ বাবে মই মোৰ টেটোলৈ চোৱাৰ কোনো প্ৰয়োজন নাই। মই যোৱাকালি তেওঁক লগ ধৰিলো, তেওঁ মোৰ পিঠি খন চুই চালে আৰু সুধিলে মই কিয় নিজৰ সমগ্ৰ পুথিখন তেওঁৰ বাবে উৎসৰ্গা কৰিলোঁ, মই ধন্য অনুভৱ কৰিলোঁ"। অনুপে কয়, "মোৰ শৰীৰটো এখনি খালী কিতাপ, আৰু মোৰ টেটোবোৰ তাৰ কাহিনী। মন বিচৰা সমূহক নিজৰ দেহত স্থান দিয়া"।

জুবিনৰ অনুৰাগী সকলৰ সংখ্যা অগণ্য। ইয়াৰ আভাস পোৱা যায় তেওঁৰ এক দৰ্শন পাব বাবে, এবাৰ অনুভৱ কৰিবৰ বাবে তেওঁৰ ঘৰৰ সন্মুখত ভিৰ কৰা লোকসকলৰ পৰাই। ১৯৭২চনত, তুৰা মেঘালয়ত জন্মলাভ কৰা জুবিন বৰঠাকুৰে নিজৰ সুৰদি কণ্ঠৰে সকলোৰে মন জিনিবলৈ সক্ষম হৈছিল। প্ৰসিদ্ধ সংগীত চিলৈ7হিচাপে অসমৰ লগতে, বেংগল সংগীত জগততো সমানে প্ৰসিদ্ধ কণ্ঠশিল্পী গৰাকী।

এই টেটো অংকন কৰা শিল্পী, ভাৰ্গব কুমাৰে কয়, "এনে এক বৃহৎ আকৃতিৰ প্ৰকল্প মই প্ৰথম বাৰৰ হাতত লৈছিলোঁ। যেতিয়া অনুপ মোৰ ওচৰলৈ আহিল মই তাক না ক'ব নোৱাৰিলোঁ। এনে এক উচ্চ মৰ্যাদাৰ ব্যক্তিক অংকন কৰাটো মই এক প্ৰত্যাহ্বানৰ দৰে লৈছিলোঁ। মই তাক এটি সৰু টেটো বনোৱাৰ পৰামৰ্শ দিছিলোঁ, কিন্তু সি ডাঙৰ কৈ বনোৱাৰ আগ্ৰহ দেখুৱালে। মই চেষ্টা কৰিলোঁ; এই কাম কঠিন আছিল আৰু বহু সময়ত খালি হাতেৰে কাম কৰিব লগীয়া হৈছিল। মোৰ লক্ষ্য আছিল যে জুবিনে এই টেটো ভাল পাব লাগে, আৰু কালি তেওঁ সেইটো দেখি ভাল পাইছে"।

অনুপে কয় যে তেওঁৰ পিতৃ - মাতৃ তেওঁক খুবেই সমৰ্থন কৰে, কিন্তু বিবাহিত হোৱা হ'লে নিজৰ সমভাগীৰ পৰা এনে ধৰণৰ সমৰ্থন পোৱাৰ পৰা তেওঁ সন্দেহ প্ৰকাশ কৰে।