বিবিধ

পেটৰ অতিৰিক্ত চৰ্বিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পঢ়ক আমাৰ এই বিধি

Sentinel Digital Desk

পেটৰ অতিৰিক্ত চৰ্বিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব ? আমাৰ গতানুগতিক জীৱনৰ আটাইতকৈ বৃহৎ সমস্যাটো হৈছে শৰীৰৰ ওজন বৃদ্ধি পোৱা ৷ কাৰণ সাম্প্ৰতিক কালত আমি আমাৰ জীৱনত সকলোৱে নিজৰ কাম,চাকৰি আদিত এনেদৰে ব্যস্ত থাকো যে নিজৰ শৰীৰৰ কাৰণ আমাৰ ওচৰত সময় নাই ৷ তথাপিও আমি এটি সুস্থ সবল শৰীৰ বিচাৰোঁ ৷ আমি আমাৰ বিশেষকৈ পেটত চৰ্বি হোৱাতো নিবিছাৰো ৷কিন্তু তাৰ কাৰণে আমি কি কৰিম ৷ আহক জানো শৰীৰক সুস্থ সবল কৰাৰ কেইটিমান বিশেষ টিপছ ৷

কিন্তু ইয়াৰ কাৰণে আমি আমাৰ শাৰীৰিক ব্যায়াম কৰিব লাগিব ৷ লগতে আমাৰ খোৱা বোৱাত বিশেষকৈ মন কৰিব লাগিব ৷ তাৰ কাৰণে চেনী,সুৰা,আৰু চিপ্ছ আদি বস্তুসমূহৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব লাগে ৷কাৰণ এই বস্তুবোৰে ওজন বৃদ্ধি হোৱাত সহায় কৰে ৷ ইফালে যিসকল লোক চাহ অথবা কফিৰ প্ৰতি আসক্তি আছে তেওঁলোকে লাহে লাহে চাহ খাবলৈ কমাব লাগে ৷আৰু তাৰ ঠাইত ফল মূল খাবলৈ যত্ন কৰিব লাগে।

বতৰৰ ফল মূল যেনে তৰমূজ,আম,কঁঠাল, কল,মৌচুমী,কমলা আদি শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী ৷লগতে এইসমূহৰ যোগেৰে আমাৰ পেটৰ ভোকো নাইকিয়া হয়। লগতে আমাৰ স্বাস্থ্যৰ কাৰণে পুৱাৰ আহাৰ অত্যন্ত জৰুৰী। আমি সততে পুৱাৰ আহাৰ নোখোৱাকৈ ওলাই যাওঁ ৷যি আমাৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত ক্ষতিকাৰক। কাৰণ আমাৰ পুৱাৰ আহাৰে আমাক দিনটো কাম কৰিবলৈ উদগনি জনায়। পুৱাৰ আহাৰ ভালকৈ কৰিব লাগে ।

লগতে দুপৰীয়া অলপীয়াকৈ আৰু নিশা আহাৰ কমকৈ গ্ৰহণ কৰিব লাগে। অন্যহাতে নিশাৰ আহাৰ সদায় ৭-৮ বজাৰ ভিতৰত কৰিব লাগে ৷কাৰণ নিশাৰ আহাৰ খোৱাৰ পৰা শোৱালৈকে কমেও ২ -৩ ঘন্টা থাকিব লাগে ৷নিশাৰ আহাৰ খোৱাৰ পিছতে শুব নালাগে ৷ নিশাৰ আহাৰ খোৱাৰ পিছত অলপ সময় খোজ কাঢ়িব লাগে যাতে ভাল টোপনি আহে। সাম্প্ৰতিক সময়ত গৰমৰ প্ৰকোপৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আমি ক’ল ড্ৰিংকছ খাওঁ ৷

কিন্তু ক’ল ড্ৰিঙ্ক জাতীয় পানীয় সমূহে আমাৰ ওজন বৃদ্ধি কৰাত সহায় কৰে ৷ইয়াৰ বিপৰীতে আপুনি ফলৰ ৰস খাব পাৰে। কাৰণ ফলৰ ৰস ছাল চুলিৰ কাৰণ অত্যন্ত উপযোগী ৷ ইয়াৰ উপৰিও ফলৰ ৰসৰ বিপৰীতে গ্ৰীণ টি পৰিবেশন কৰিব পাৰে৷ কাৰণ গ্ৰীণ টীয়ে শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰায়। অতিৰিক্ত নিমখ সেৱনে পেটৰ চৰ্বি বৃদ্ধি কৰাত সহায় কৰে।

গতিকে নিমখ খোৱাৰ পৰিমাণ হ্ৰাস কৰিব লাগে ৷ গতিকে চেনীৰ লগতে নিমখকো আপুনি আপোনাৰ খাদ্যৰ তালিকাৰ পৰা আঁতৰাই পেলাওক ৷পানী আমাৰ শৰীৰৰ কাৰণে কিমান উপযোগী সেয়া কোৱাৰ প্ৰয়োজন নাই। শৰীৰ টোক হাইড্ৰেদ কৰাৰ পৰা আৰম্ভ কৰি ওজন কম কৰা লৈকে পানীৰ উপযোগিতা অলেখ। সেয়েহে দিনত কমেও ৬-৮ গিলাচ পানী খাব লাগে । পানীৰ লগতে আমাৰ শৰীৰৰ কাৰণে ফাইবাৰ অত্যন্ত জৰুৰী ৷পুৱাৰ আহাৰত ফাইবাৰ সন্নিবিষ্ট কৰক ৷ইয়াৰ কাৰণে বুট,মগুৰ লগতে বিভিন্ন ফাইবাৰ যুক্ত খাদ্য খাব লাগে ৷