বিবিধ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুঃ অভিনেত্ৰী সঞ্জনাক ৭ ঘণ্টা জেৰা আৰক্ষীৰ

Sentinel Digital Desk

সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা সম্পৰ্কত আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ল তেওঁৰ সহঃ অভিনেত্ৰী সঞ্জনা সংঘি। সুশান্তৰ অন্তিমখন ছবিৰ অভিনেত্ৰী সঞ্জনাক আজি আৰক্ষীয়ে সাত ঘণ্টা সময় জেৰা কৰে। তেওঁক আৰক্ষীয়ে মুম্বাইৰ বান্দ্ৰা থানাত জেৰা কৰে। সুশান্ত আৰু সঞ্জনাই অভিনয় কৰা 'দিল বেচাৰা' শীৰ্ষক ছবিখনে মুক্তি লাভ কৰিব অহা ২৪ জুলাইত। সকলো ঠিকে ঠাকে থাকিলে উক্ত দিনা ডিজনী হটষ্টাৰত ছবিখনে মুক্তি পাব। আনহাতে, এক সূত্ৰৰ মতে, আৰক্ষীয়ে সুশান্তৰ মৃত্যু সম্পৰ্কত বিশিষ্ট চিত্ৰ পৰিচালক শেখৰ কাপুৰকো জেৰা কৰিব। উল্লেখ্য যে

টুইটাৰত সুশান্তৰ মৃত্যু সন্দৰ্ভত শোক প্ৰকাশ কৰি পৰিচালক কাপুৰে অভিনেতাজন অৱসাদত ভুগি থকাৰ কথা উল্লেখ কৰিছিল।

। সঞ্জনাৰ পিছত শেখৰ কাপুৰৰো ব্যক্তব্য ৰেকৰ্ড কৰা হ'ব বুলি সূ্ত্ৰটোৱে জনাইছে।

য়শৰাজ ফিল্মছৰ সৈতে সুশান্তৰ কি চুক্তি হৈছিল বা কামক লৈ কোনো মতবিৰোধ হৈছিল নে কি সন্দৰ্ভত কাপুৰৰ পৰা জানিবলৈ বিচাৰিব আৰক্ষীয়ে। উল্লেখ্য যে য়শৰাজ ফিল্মছৰ সৈতে তিনিখন চিনেমাৰ কাৰণে চুক্তিবদ্ধ হৈছিল অভিনেতা সুশান্ত সেই চুক্তি অনুসৰি প্ৰথম চিনেমাখনৰ বাবদ তেওঁক ৩০লাখ টকা, দ্বিতীয়খনৰ বাবে ৬০লাখ টকা আৰু তৃতীয়খন চিনেমাত অভিনয়ৰ বাবদ ১কোটি টকা দিয়াৰ কথা আছিল। ইপিনে,

সুশান্তৰ ভগ্নী মিতুও স্বামী সহ আৰক্ষীৰ প্ৰশ্নৰ সন্মুখীন হৈছে। আৰক্ষীয়ে সোধা–পোচা কৰিছে সুশান্তৰ বন্ধু মহেশ শেট্টীকো।