বিবিধ

অনলাইনত লুডু খেলি প্ৰেমত পৰি দেওৰেকৰে লীভ টুগেদাৰ ৰাজস্থানৰ মহিলাৰ

তেওঁলোকে জনাইছে যে নিতু আৰু তেওঁৰ স্বামীৰ সম্পৰ্ক ভাল নাছিল । যোৱা ৮বছৰৰ পৰা তেওঁৰ স্বামী তেওঁৰ পৰা আঁতৰত আছিল ।

Sentinel Digital Desk

অনলাইনত লুডু খেলি প্ৰেমত পৰি দেওৰেকৰে কিছুদিন লীভ টুগেদাৰ কৰিলে ৰাজস্থানৰ এগৰাকী মহিলাই।  মহিলাগৰাকীয়ে আঠ বছৰ পূৰ্বে স্বামীৰ পৰা পৃথকে থাকিবলৈ লয়।  মহিলাগৰাকীৰ হৈছে ৰাজস্থানৰ যোধপুৰ চহৰৰ নিবাসী নিতু ।  অনলাইন লুডু খেলি প্ৰেমত পৰিছিল নিজৰ দেওৰেক প্ৰবীণৰ। এই প্ৰেমৰ প্ৰথম পৰ্যায় আছিল দুয়োৰে মাজত গঢ়ি উঠা বন্ধুত্ব।  যিয়ে সময়ত ৰূপ লয় প্ৰেমৰ।  কিছুদিন পাছত  দুয়োৱে  একেলগে থাকিবলৈ লয়  আৰু পৰবৰ্তী সময়ত বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয় । তাৰ পিছতে নিতুৰ দেওৰেকৰ কোনো সদ্ভেদ নোহোৱা হয়।

নবৌ আৰু দেৱৰে একেলগে এটি ভাৰাঘৰত থাকিবলৈ লয়।  তদুপৰি বিয়াৰ বাবে আদালতত নিজৰ নাম পঞ্জীভূত কৰিছিল।  যেতিয়া প্ৰবীণ ঘৰলৈ ঘূৰি নাহিল, তেতিয়া নিতুয়ে উপলব্ধি কৰিলে যে তেওঁক এৰি প্ৰবীণ পলাই গৈছে।

শেহতীয়াকৈ নিতুয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ।  তেওঁ অভিযোগ কৰিছে যে প্ৰবীণৰ পৰিয়ালৰ লোকে তেওঁক পলুৱাই পঠাইছে। সম্প্ৰতি আৰক্ষীয়ে পলাতক প্ৰবীণৰ সন্ধান অভিযান অব্যাহত ৰাখিছে। তেওঁলোকে জনাইছে যে নিতু আৰু তেওঁৰ স্বামীৰ সম্পৰ্ক ভাল নাছিল । যোৱা ৮বছৰৰ পৰা তেওঁৰ স্বামী তেওঁৰ পৰা আঁতৰত আছিল । কাৰণ নিতুয়ে তেওঁৰ স্বামীৰ লগত থাকিবলৈ বিচৰা নাছিল।