বিবিধ

দিল্লী মেট্ৰ' ষ্টেচনতে নামাজ পঢ়িলে এজনেঃ ইণ্টাৰনেটত ভিডিঅ' ভাইৰেল

Sentinel Digital Desk

দিল্লী মেট্ৰ' ৰেল ষ্টেচনত এজন লোকে নামাজ পঢ়াৰ এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈছে ৷ ভিডিঅ'টোক লৈ বিভিন্নজনে ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে এজন ব্যক্তিয়ে সদাব্যস্ত মেট্ৰ' ৰে'ল ষ্টেচনটোৰ এটা চুকত বহি নামাজ পঢ়ি আছে ৷

এই দৃশ্য একাংশ লোকে লক্ষ্যও কৰিছে ৷ লোকজনে ধৰ্মীয় আচাৰ অনুসৰি নামাজ পঢ়ি দেখা গৈছে ৷ নামাজ পঢ়িবলৈ তেওঁ ষ্টেচনৰ পকী মজিয়াত এখন কাপোৰ পাৰি লৈছে ৷ তেওঁ এনেদৰে  নামাজ পঢ়াক লৈ ইণ্টাৰনেটত ভিন্ন চৰ্চা হৈছে।