বিবিধ

এগৰাকী আৰক্ষী কনষ্টবলৰ কাহিনী 'মানৱতাৰ মিচাইল'

Sentinel Digital Desk

আজিৰ সময়ত আৰক্ষীৰ কথা কলেই প্ৰায় সকলো লোকৰ মনত ঋণাত্মক ভাব উদয় হোৱা দেখা পোৱা যায় ।আনহাতে আৰক্ষীয়ে জনতা তথা ৰাইজৰ বন্ধু তথা নিজক ৰক্ষক হিচাপে দাবী কৰে ।আৰক্ষী বিভাগৰ ১০০জনৰ ভিতৰত প্ৰায় বোৰকে ভ্ৰষ্টাচাৰ,ধন দাবী কৰা দেখিবলৈ পোৱা যায়,যাৰ বাবে মানুহৰ মনত আৰক্ষীৰ প্ৰতি এক বেয়া মনোভাৱ গঢ় লৈ উঠা দেখা গৈছে । কিন্তু সকলো বোৰ আৰক্ষীয়ে তেনে প্ৰকৃতিৰ নহয়,কিছুমান এনে আৰক্ষীও আছে যিসকলে কেৱল সমাজৰ হকে নিজক অনবৰতে প্ৰস্তুত কৰি ৰখাৰ লগতৰ ৰাইজৰ হিতাৰ্থে কাম কৰে ,হয় আজি আমি এনে এজন আৰক্ষী কনষ্টবলৰ মানৱতা মিচাইলৰ কাহিনী আলোচনা কৰিম যিগৰাকীৰ বিষয়ে সমূহ চ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা দেখিব পোৱা গৈছে ।

মুজীৱ ওৰ ৰহমান এগৰাকী তেলেংগনাৰ আৰক্ষী মুখ্য কনষ্টবল পদত প্ৰতিষ্ঠিত হৈ আছে ।তেলেংগনাৰ মহবুনগৰৰ জিলা আৰক্ষী মুখ্য আই পি এছ বিষয়া ৰেমা ৰাজেশ্বৰীয়ে টুইটাৰ যোগে এখন ফটো প্ৰকাশ কৰিছে যিখন ফটোত আৰক্ষী কনষ্টবল মুজীৱ ওৰ ৰহমানে এটি শিশুক কোলাত লৈ খেলি থাকে । ৰেমাই মত প্ৰকাশ কৰা অনুসৰি,আৰক্ষী কনষ্টবল ৰহমানৰ মহবুনগৰৰ বয়জ জুনিয়ৰ কলেজৰ কৰ্মস্থলীৰ দায়িত্বত আছিল,য'ত এছসিটিপিসিৰ পৰীক্ষা চলি আছিল ।আৰু সেই পৰীক্ষা দিবলৈ অহা এগৰাকী মহিলাৰ সন্তান এটিক ৰহমানে চম্ভালি থকা দেখা পোৱা গৈছিল । তেওঁ টুইটাৰত প্ৰকাশ কৰা অনুসৰি শিশুটো কান্দি থকা অৱস্থাত আৰক্ষী কনষ্টবল ৰহমানে শিশুটিক ওমলাই আছিল আৰু এই ফটো খন ইণ্টাৰনেটত প্ৰকাশ কৰাৰ লগে লগে সকলো পিনে ভাইৰেল হৈ গ'ল ।

https://twitter.com/rama_rajeswari/status/1046298641273577472?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1046298641273577472&ref_url=https%3A%2F%2Fwww.rt.com%2Fnews%2F440042-telangana-police-baby-india%2F

জানিব পৰা মতে,আৰক্ষী কনষ্টবল ৰহমানে বয়জ জুনিয়ৰ কলেজত অনুষ্ঠিত হোৱা পৰীক্ষাৰ দায়িত্ব থকা সময়তে এগৰাকী মহিলাই সন্তানকলৈ পৰীক্ষা দিবলৈ আহে ।মহিলা গৰাকীৰ ঘৰত কোনো নাছিল বাবে তেওঁ সন্তানটিক লগৰ লৈ আহিব লগা হ'ল।তেনে সময়তে মহিলা গৰাকীক সহায় কৰিবলৈ আগবাঢ়ে ৰহমান আৰক্ষী কনষ্টবল গৰাকী আৰু তেওঁ সন্তানটিক কোলাত লয় আৰু মহিলা গৰাকীক নিচিন্ত ভাৱে পৰীক্ষা দিবলৈ কয় ।

মুজীৱ ওৰ ৰহমান আৰক্ষী কনষ্টবল গৰাকীয়ে কেৱল নিজৰ দায়িত্বই নহয় মানৱ সেৱা আগবঢ়া নিজৰ সু পৰিচয় দাঙি ধৰে ।