বিবিধ

হোলীৰ আনন্দ লোৱাৰ প্ৰাকমুহুৰ্তত পঢ়ক আমাৰ এই বিধি

Sentinel Digital Desk

সমাগত হোলী ৷ গতিকে সকলো হোলীৰ আনন্দত ডুব যাবলৈ সাজু হৈছে ৷ কিন্তু হোলীৰ আনন্দ লওঁতে আমি আমাৰ ছাল খনলৈও ধ্যান দিব লাগিব ৷ কেৱল ছালখনেই নহয় আমাৰ ছুলি কোছাৰ প্ৰতিও আমি সমানেই যত্ন ল’ব লাগিব ৷ কাৰণ হোলীৰ ৰং বিৰঙে আমাৰ ছাল আৰু ছুলিত বিৰূপ প্ৰভাৱ পেলায় । গতিকে চাওঁ আহক হোলীৰ ৰঙৰ পৰা হ’বলগীয়া বিভিন্ন ধৰণৰ ক্ষতিৰ পৰা আমাৰ ছালখন আৰু ছুলিকোছা কেনেদৰে ৰক্ষা কৰিব পাৰিম ৷

হোলী খেলাৰ প্ৰাকমুহুৰ্তত আপুনি ভাল ৱাটাৰপ্ৰুফ ছানস্কীণ লগাবলৈ নাপাহৰিব ৷ লগতে ভালকৈ মইশ্বৰাইজাৰ অথবা নাৰিকল তেলো লগাব পাৰে। হোলী খেলাৰ আগত ছুলি কোচা ভালকৈ ধুব আৰু ছুলিকোছাত ভালকৈ তেল লগাই খোপা বান্ধিব পাৰে ৷ আৰু এইটো লুকে আপোনাক ষ্টাইলিষ্ট লাগিব ৷ লগতে আপোনাৰ ছুলিকোছা সুৰক্ষিতও হৈ থাকিব ৷ যদি আপুনি তেল লগাব নিবিচাৰে তেন্তে মুখত বা হাতত ভেছলিন অথবা গ্লিছাৰিন লগাব পাৰে ৷

যদি আপুনি চকুত কিবা লেন্স লগাই, তেন্তে হোলীৰ দিনা আঁতৰাই থ’ব ৷ হোলীৰ ৰঙ লাগিলে ছুলি ৰুক্ষ হৈ পৰে ৷ শুকান হৈ পৰে গতিকে,হোলীৰ দিনটোত ছুলি তেল লগাই থ’ব ৷ লগতে পাৰিলে দীঘল হাতৰ পোচাক অৰ্থাৎ সমগ্ৰ শৰীৰ ঢকা কাপোৰ পৰিধান কৰিব ৷ হোলী লগোৱাৰ পিছত লাগি থকা ৰং সমূহ জোঁকাৰি দিব ৷ ৰং আঁতৰোৱাৰ ক্ষেত্ৰত কেতিয়াও গৰম পানী ব্যৱহাৰ নকৰিব ৷ শৰীৰৰ পৰা হোলীৰ ৰং আঁতৰোৱাৰ কাৰণে বেচন,আটা,নেমুৰ ৰস,গ্লিচাৰিন,গাখীৰ, চেনীৰ ডাঠকৈ এটি মিশ্ৰণ তৈয়াৰ কৰি সমগ্ৰ শৰীৰটোত লগাই পাঁচ দহ মিনিটৰ পিছত লাহে লাহে সেই পেষ্টখিনিৰে স্কাৱ কৰি কুহুমীয়া পানী ধুব ৷কিন্তু চাবোন নলগাব ৷

ইয়াৰ পিছত নাৰিকল তেল অথবা মইশ্বৰাইজাৰে শৰীৰটোত লগাব ৷ লগতে ছুলিখিনি চেম্পু কৰাৰ লগতে প্ৰ’টিন হেয়াৰ পেক ব্যৱহাৰ কৰিব ৷ ইয়াৰ পৰা ডেমেজ হোৱাৰ পৰা ছুলিখিনি ৰক্ষা পৰিব ৷ উজ্জ্বলতাৰ কাৰণে নেমু আৰু চেনী মিশ্ৰিত কৰি ছালত লগাব পাৰে। যদি ছালত জ্বলন হয় তেন্তে এলোভেৰা জেল লগাব পাৰে ৷ এতিয়া চাওঁ আহক হোলীত প্ৰসাধন কেনেদৰে লগাব ৷ প্ৰথমতে ছালত ৱাটাৰ প্ৰুফ ছানস্কীণ লগাই মইশ্ব’ৰাইজাৰ লগাব ৷ ইয়াৰ পিছত কমপেক্ট অথবা ৱাটাৰপ্ৰুফ ফাউণ্ডেশ্যন লগাব। চকুত জেল বেষ্ট কাজল আৰু ৱাটাৰপ্ৰুফ মাস্কাৰা লগাব পাৰে ৷যদি চকুত একো লগাব নিবিচাৰে তেন্ত ওঁঠত ডাৰ্ক লিপিষ্টিক লগাব পাৰে ৷ এইয়া হ’ল হোলীৰ মেকআপ ৷

উন্নত মানদণ্ডৰ হোলী লগালেও কিছুসংখ্যক লোকৰ তাৰ পৰা ক্ষতি হোৱাৰ সম্ভৱনা থাকে ৷ গতিকে হোলী খেলাৰ আগত নিজকে সকলো ফালৰ পৰা সুৰক্ষিত কৰি লওঁক হোলীৰ আনন্দ ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ