ব্ৰেকিং নিউজ

গুৱাহাটী বিশ্ববিদ্যালয়ে ১১ ডিচেম্বৰত হ'ব লগীয়া পৰীক্ষা কৰিলে স্থগিত

Sentinel Digital Desk

গুৱাহাটী বিশ্ববিদ্যালয়ে ১১ ডিচেম্বৰত হ'ব লগীয়া পৰীক্ষা কৰিলে স্থগিত । ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো প্ৰতিবাদে ব্যাপক ৰূপ ধাৰণ কৰিছে । ব্যাপক বিৰোধ তথা আন্দোলন চলি থকা মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ে বুধবাৰ ১১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া পৰীক্ষা স্থগিত কৰে ।

পৰীক্ষাৰ কাৰ্যসূচী অনুসৰি বুধবাৰে পৰীক্ষা অনুষ্ঠিত হোৱা কথা আছিল যদিও ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে চলি থকা ব্যাপক প্ৰতিবাদৰ ফলত বাতিল কৰে ১১ তাৰিখ বুধবাৰে অনুষ্ঠিত হ'ব লগীয়া পৰীক্ষা ।‌

বিশ্ববিদ্যালয়ে দিয়া নোটিছ অনুসৰি পৰীক্ষাৰ সময় সূচী পিছত ৰাজ্যৰ পৰিস্থিতি চাই নিৰ্ধাৰণ কৰিব ।

উল্লেখযোগ্য যে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক আজি বিয়লি প্ৰায় ২ বজাত ৰাজ্যসভাত উত্থাপন হ'ব ।