ব্ৰেকিং নিউজ

আজিৰে পৰা ইন্টাৰনেট সেৱা মুকলি কৰাৰ নিৰ্দেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Sentinel Digital Desk

আজিৰে পৰা ইন্টাৰনেট সেৱা মুকলি কৰাৰ নিৰ্দেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।‌১০ গৰাকী অধিবক্তাই ইন্টাৰনেট সেৱা মুকলি কৰাৰ বাবে পি আই এল দাখিল কৰাৰ পিছতেই এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক শুনানি মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে আজি আবেলিৰ পূৰ্বে ইন্টাৰনেট সেৱা মুকলি কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

উল্লেখযোগ্য যে ইন্টাৰনেট সেৱা যোৱা বুধবাৰৰ পৰা বন্ধ ৰখা হৈছিল । প্ৰথমতে ২৪ ঘন্টাৰ বাবে বন্ধ কৰা হৈছিল ইন্টাৰনেট সেৱা। তাৰ পিছতেই সময়সীমা বৃদ্ধি কৰি বৃহস্পতিবাৰে ৪৮ ঘন্টা আৰু সোমবাৰে ২৪ ঘন্টাৰ বাবে বন্ধ ৰাখে ইন্টাৰনেট সেৱা।

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill