ব্ৰেকিং নিউজ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: নমুনা পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন

Sentinel Digital Desk

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰা প্ৰকাশ কৰা হব ৩১ জুলাইত । চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ মাত্ৰ কেইদিনমান বাকী থাকোতে কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰে ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ কৰা খচৰাৰ নমুনা পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন কৰিছে । ৰাজ্য আৰু কেন্দ্ৰয়ে যুটিয়াভাৱে কৰা আবেদনৰ সন্দৰ্ভত এপেক্স কোৰ্টৰ পৰবৰ্তী শুনানি যথেষ্ট গুৰুত্বপূৰ্ণ ।বিভিন্ন সংগঠনে ৰাজ্যৰ বিভিন্ন জিলাত সন্দেহজনক নাগৰিক এন আৰ চি খচৰাত নাম অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

আবেদন খনৰ যোগেদি ৩ টা পইন্টত পুনৰীক্ষণ কৰিবলৈ প্ৰকাশ কৰিছে: যিসমূহ জিলাত অধিক জনসংখ্যা বৃদ্ধি তেনে জিলাৰ ২০% বাংলাদেশৰ লোক আৰু ৰাজ্যৰ জিলা সমূহৰ ১০%‍ নমুনা পুনৰীক্ষণ কৰা হৈছে ।

ৰাজনৈতিক আৰু গৃহ বিভাগৰ উচ্চ পৰ্যায়ৰ সূত্ৰয়ে প্ৰকাশ কৰে যে, এই বিষয়ৰ সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ক অবগত কৰা হৈছে "।৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত ৪০.০৭ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই । ২০১৮ চনত ৩.২৯ কোটি লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছিল । সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিছে কৰাৰ পূৰ্বে লোক সকলে নাম অন্তৰ্ভুক্তিৰ আবেদন কৰিব পাৰিব ।অভিযোগ আৰু আবেদনৰ প্ৰক্ৰিয়া চলি আছে। ৩৬.২ লোকে আবেদন কৰিছে যত ইতিমধ্যে ২ লাখ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।